অসম

assam

ETV Bharat / state

চামগুৰিত বন্যহস্তীৰ উপদ্ৰৱত চিন্তিত কৃষক ৰাইজ - কৃষক

নগাঁৱৰ চামগুৰিত বন্যহস্তীৰ উপদ্ৰৱ ৷ দিন দুপৰতে বিচৰণ কৰি বন্যহস্তীয়ে বিপদ মাতি আনিছে কৃষক ৰাইজৰ মাজত ৷ এই ক্ষেত্ৰত বন বিভাগে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

wild elephant terror
চামগুৰিত বন্যহস্তীৰ উপদ্ৰৱ

By

Published : Dec 13, 2020, 10:30 AM IST

চামগুৰি,13 ডিচেম্বৰ : নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন অঞ্চলত বৰ্তমানো অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ । চামগুৰিৰ হাঁহচৰা-বৰালীগাঁৱৰ পথাৰত এতিয়া দিন দুপৰতে বন্যহস্তীয়ে বিচৰণ কৰি বিপদত পেলাইছে কৃষক ৰাইজক । বনৰীয়া হাতীৰ উপদ্ৰৱৰ মাজতো হাঁহচৰা-বৰালীগাৱঁৰ বিশাল পথাৰখনৰ অধিকাংশ খেতি কৃষকে চপাবলৈ চেষ্টা কৰিছে যদিও একাংশ খেতিপথাৰ বন্যহস্তীয়ে ইতিমধ্যে তহিলং কৰি পেলাইছে ৷

চামগুৰিত বন্যহস্তীৰ উপদ্ৰৱ

ৰাইজৰ হাজাৰ বাধাকো নেওচি দিন-ৰাতি একাকাৰ কৰি হাতীবোৰে ধান খাবলৈ প্ৰৱেশ কৰে হাঁহচৰা-বৰালী গাঁৱৰ পথাৰত। ইফালে সমীপৰে গেন্ধালি মাজৰ-আটি গাঁৱতো দিন দুপৰতে সঘনাই উপদ্ৰৱ কৰি থকা বন্যহস্তীয়ে একপ্ৰকাৰ ৰাইজক আতংকিত কৰি তুলিছে ।

ইফালে এই সন্দৰ্ভত বন বিভাগক অৱগত কৰিলেও হাতী খেদিবলৈ বিভিন্ন অজুহাত দেখুৱাই আজি পৰ্যন্ত বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক :ধেমাজীত কা ৰ বিৰুদ্ধে বিশাল জোঁৰ সমদল

ABOUT THE AUTHOR

...view details