নগাঁও, 23 জুন :কলঙৰ বাঢ়নী পানীয়ে নগাঁও চহৰৰ বিভিন্ন এলেকা প্লাৱিত(Flood in Nagaon) কৰাৰ সময়তে এটা বন্যহস্তীয়ে নগাঁৱত সৃষ্টি কৰিছে তাণ্ডৱৰ । নগাঁও চহৰৰ মাজমজিয়াত হঠাৎ বনৰীয়া হাতীৰ প্ৰৱেশক কেন্দ্ৰ কৰি একাংশৰ মাজত সৃষ্টি হৈছে আতংকময় পৰিস্থিতিৰ । বিগত দুটা দিনে নিশা চহৰখনতে হাতীটো বিচৰণ কৰি থকা বুলি ধাৰণা কৰা হৈছে(Wild Elephant terror in Nagaon during flood menace) ।
নগাঁও চহৰত বিচৰণ কৰি থকা বনৰীয়া হাতীটোৱে নগাঁৱৰ জিলা উপায়ুক্তৰ চৰকাৰী আৱাসৰ চৌহদৰ দেৱাল ভাঙি চলালে তাণ্ডৱ । ইয়াৰোপৰি নগাঁও চহৰৰ বেঙ্গলী বয়জ হাইস্কুলৰ প্ৰৱেশদ্বাৰৰো যথেষ্ট ক্ষতিসাধন কৰে বনৰীয়া হাতীটোৱে । নিশা চহৰখনৰ বিভিন্ন এলেকাত বিচৰণ কৰি থকা হাতীটোৰ দৃশ্য বন্দী হৈছে এটা CCTV কেমেৰাত । এখন বাহনৰ কাষেৰে হাতীটো পাৰ হৈ গৈছে যদিও বাহনখনৰ কোনো ক্ষতিসাধন কৰা নাই হাতীটোৱে ।