চামগুৰি,১৬ নৱেম্বৰ :ৰাজ্যৰ বহু স্থানত খেতিয়কে বৰ্তমান ধান চপাইছে । কোনো কোনো স্থানত ধানবোৰ পকি উঠিছে যদিও কাটিবলৈ এতিয়াও বাকী আছে । এনে সময়তে প্ৰতিবছৰে পাহাৰৰ পৰা বনৰীয়া হাতীয়ে জনাঞ্চললৈ আহে । খাদ্যৰ সন্ধানত অহা হাতীয়ে প্ৰায়ে ধান খোৱাৰ লগতে খেতি পথাৰবোৰ নষ্ট কৰে (Wild elephant terror)। নগাঁও জিলাৰ বঢ়মপুৰ, চামগুৰিকে ধৰি বিভিন অঞ্চলত প্ৰতি বছৰে বনৰীয়া হাতীয়ে উপদ্ৰৱ চলোৱা দেখা যায় । খেতিয়কে অতি কষ্টৰে কৰা শস্য খাই তহিলং কৰে বনৰীয়া হাতীয়ে (Wild elephants destroyed crop fields)।
এইবাৰো ব্যতিক্ৰম হোৱা নাই । বনাঞ্চলৰ পৰা ধাননি পথাৰলৈ ঢাপলি মেলিছে শ শ বনৰীয়া হাতী । বঢ়মপুৰৰ বালিজুৰিতো হস্তীদণ্ডীৰে ভৈয়ামৰ পথাৰলৈ নামি আহিছে শ শ সৰু-বৰ হাতী । যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে বালিজুৰিবাসী ।
অৱশ্যে বন্যহস্তীৰ জাকক বাধা দিয়াৰ প্ৰয়াস কৰিছে স্থানীয় লোকসকলে । আতচবাজী ফুটাই, জুই জ্বলাই কোনোমতে বিশাল ধাননি পথাৰত প্ৰৱেশত কোনোমতে বাধা দিছে স্থানীয় কৃষক ৰাইজে । ৰাইজে এনেদৰে দিনে-নিশাই বন্যহস্তী ৰখিবলগীয়া হোৱাত বন বিভাগৰ বিৰুদ্ধে চৰম ক্ষোভ প্ৰকাশ কৰিছে লোকসকলে (Wild elephant menace in Nagaon)।