অসম

assam

ETV Bharat / state

বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী কটাইছে চামগুৰিবাসীয়ে - চামগুৰি

মঙলবাৰে নিশা চামগুৰিৰ আমনি গাঁৱৰ এঘৰত উপদ্ৰৱ চলাই বাসগৃহ লণ্ড-ভণ্ড কৰাৰ লগতে ঘৰৰ গ্ৰীল ভাঙি ঘৰৰ ভিতৰত মজুত ৰখা ধানৰ কেইবাটাও বস্তা খাই তহিলং কৰে বন্যহস্তীৰ এটা জাকে ৷ সম্প্ৰতি গভীৰ শংকাৰ মাজত গাঁওবাসী ৷

wild elephant terror at samaguri
চামগুৰিত বন্যহস্তীৰ উপদ্ৰৱ

By

Published : Dec 23, 2020, 2:18 PM IST

Updated : Dec 23, 2020, 2:26 PM IST

চামগুৰি,23 ডিচেম্বৰ : নগাঁৱৰ চামগুৰিত দীৰ্ঘদিনৰ পৰা অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ ৷ মঙলবাৰে নিশাৰ ভাগতো হাঁহচৰা বৰালী গাঁও,গেন্ধালি,শিঙীয়া আদি অঞ্চলত দিনে-নিশাই উপদ্ৰৱ কৰি অহা তিনিটা বন্যহস্তীৰ জাকে বিচৰণ কৰিছে চামগুৰিৰ ব্ৰহ্মচাৰি সত্ৰ আৰু তেলীয়া-আমনি গাঁৱত ৷

চামগুৰিত বন্যহস্তীৰ উপদ্ৰৱ

আমনি গাঁৱৰ এঘৰত উপদ্ৰৱ চলাই বাসগৃহ লণ্ড-ভণ্ড কৰাৰ লগতে ঘৰৰ গ্ৰীল ভাঙি ঘৰৰ ভিতৰত মজুত ৰখা ধানৰ কেইবাটাও বস্তা খাই তহিলং কৰে বনৰীয়া হাতী জাকটোৱে । অৱশ্যে সমগ্ৰ ঘটনা কিছু পলমকৈ গম পোৱা গৃহস্থই বহু কষ্ট কৰি হাতী কেইটা খেদিবলৈ সক্ষম হয় ৷

কিন্তু হাতীৰ জাকটোৱে দিনৰ ভাগত কোন ঠাইত অৱস্থান কৰিছে সেই কথা ৰাইজে নজনাৰ ফলত সম্প্ৰতি গভীৰ শংকাৰ মাজত সময় অতিবাহিত কৰিছে অঞ্চলবাসী।

লগতে পঢ়ক :বাখাৰাপাৰা গাৱঁৰ এগৰাকী বৃদ্ধাৰ কৰুণ কাহিনী

Last Updated : Dec 23, 2020, 2:26 PM IST

ABOUT THE AUTHOR

...view details