নগাঁৱত বন্যহস্তীৰ আতংক - বন্যহস্তীৰ মুক্ত বিচৰণ
নগাঁৱৰ মৰঙিয়ালত মুক্ত বিচৰণ দুটাকৈ বনৰীয়া হাতীৰ ৷ আতংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী ৷
![নগাঁৱত বন্যহস্তীৰ আতংক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4196632-thumbnail-3x2-k.jpg)
নগাঁৱত বন্য হস্তীৰ আতংক
নগাঁও,21 আগষ্টঃদুটাকৈ বন্যহস্তীৰ মুক্ত বিচৰণক লৈ আতংক নগাঁৱৰ মৰঙিয়ালত ।বুধবাৰে পুৱাৰ পৰাই অঞ্চলটোত বিচৰণ কৰি ফুৰিছে দুটাকৈ বনৰীয়া হাতীয়ে ৷ বনাঞ্চল এৰি এতিয়া হাতী প্ৰৱেশ কৰিছে জনবসতি অঞ্চলত ৷ খাদ্যৰ সন্ধানত ওলাই অহা হাতী দুটা বৰ্তমান অৱস্থান কৰি আছে মৰঙিয়ালৰ নেমু খেতিত । অৱশ্যে এই পৰ্যন্ত কোনো অনিষ্ট সাধন কৰা নাই হাতী দুটাই । সম্প্ৰতি অঞ্চলটোত সষ্টম হৈ আছে আৰক্ষী আৰু বন বিভাগৰ লোক ।
নগাঁৱত বন্য হস্তীৰ আতংক