অসম

assam

ETV Bharat / state

কলিয়াবৰৰ সৰুভগীয়া গাঁৱত বন্যহস্তীৰ উপদ্ৰৱ

কলিয়াবৰৰ সৰুভগীয়া গাঁৱত বন্যহস্তীৰ উপদ্ৰৱ ৷ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীয়ে গাঁৱত প্ৰৱেশ কৰি কেইবাটাও পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড কৰে ৷

wild-elephant-terror-at-kaliabor
কলিয়াবৰৰ সৰুভগীয়া গাঁৱত বন্যহস্তীৰ উপদ্ৰৱ

By

Published : Jun 23, 2021, 1:13 PM IST

কলিয়াবৰ, 23 জুন : কলিয়াবৰত বন‍্যহস্তী আৰু মানুহৰ সংঘাত দীৰ্ঘদিনীয়া । প্ৰকৃতি ধ্বংসৰ ক্ষেত্ৰত মানুহৰ যি অমানৱীয় আচৰণ তাৰ ফল ভোগ কৰিবলগীয়া হৈছে স্বয়ং মানুহেই । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, লাওখোৱা অভয়াৰণ্য, বুঢ়াচাপৰি অভয়াৰণ্যৰ লগতে কেইবাখনো সংৰক্ষিত বনাঞ্চল তথা কাৰ্বি পাহাৰৰ মধ্যস্থল কলিয়াবৰত বন্যহস্তীৰ সংঘাতে বাৰুকৈয়ে জনসাধাৰণৰ ক্ষতি কৰি আহিছে ।

মঙলবাৰে নিশা তেনে এক ঘটনা সংঘটিত হৈছে কলিয়াবৰৰ সৰুভগীয়া গাঁৱত ৷ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীয়ে গাঁৱত প্ৰৱেশ কৰি কেইবাটাও পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড কৰে । নিশা প্ৰায় ১২ বজাত এটা হাতী সৰুভগীয়া ৰূপৰাম বৰুৱা দোকানৰ দৰ্জা ভাঙি চাউল, নিমখ আদি খাই উপদ্ৰৱ চলায় ৷

কলিয়াবৰৰ সৰুভগীয়া গাঁৱত বন্যহস্তীৰ উপদ্ৰৱ

আনহাতে, ঢেকীয়াল গাঁৱৰ মহিম দাস নামৰ ব্যক্তিজনৰো ঘৰ ভাঙি ক্ষতি সাধন কৰে বন্যহস্তীয়ে ৷ দীৰ্ঘ সময়ৰ পৰা অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱে টোপনি হৰণ কৰিছে কৃষক ৰাইজৰ ৷ পূৰ্বতে পথাৰত ধান পকাৰ সময়ৰ পৰা খেতি চপোৱাৰ পাছত কৃষকৰ চোতাল আৰু ভঁড়াল বন্যহস্তীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল ।

উল্লেখযোগ্য যে, বন্যহস্তীৰ উপদ্ৰৱৰ ফলত ঘৰ-দুৱাৰ, কৃষি সামগ্ৰী বিশেষকৈ ধান আৰু জনসাধাৰণৰ প্ৰাণহানিও হৈছে এই দীঘলীয়া সময়ছোৱাত । মূলতঃ খাদ্যৰ অভাৱত বনৰীয়া হাতীয়ে জনবসতি পূৰ্ণ অঞ্চল সমূহলৈ গৈ খাদ্যৰ সন্ধানত চলোৱাৰ বাবেই সংঘটিত হৈ আহিছে এই ঘটনা ৷ দীৰ্ঘদিন ধৰি ৰাজ্যত চলি অহা হাতী মানুহৰ সংঘাতৰ এনে ঘটনাৰ স্থায়ী সমাধান বিচাৰিছে বিচাৰিছে ৰাজ্যবাসীয়ে ৷

লগতে পঢ়ক : মাজুলীৰ ক’ভিড পৰিস্থিতি বুজ ল’লে মন্ত্ৰী বিমল বৰাই

ABOUT THE AUTHOR

...view details