অসম

assam

By

Published : May 17, 2020, 10:42 PM IST

ETV Bharat / state

চামগুৰিৰ ব্ৰহ্মচাৰি সত্ৰত বন্যহস্তীৰ তাণ্ডৱ

উদমাৰি উপ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ একাংশ বনকৰ্মী ব্ৰহ্মচাৰিলৈ আহি শনিবাৰে বিয়লি বেলাৰ পৰা দেওবাৰে পুৱতি নিশা পৰ্য্যন্ত অভিযান চলাই অঞ্চলটোৰ পৰা অৱশেষত আঁতৰই নিবলৈ সক্ষম হয় বন্যহস্তীটো ।

wild-elephant-story-nagaon
চামগুৰিৰ ব্ৰহ্মচাৰি সত্ৰত বন্যহস্তীৰ তাণ্ডৱ

নগাঁও, 17 মে': চামগুৰিৰ ব্ৰহ্মচাৰি সত্ৰত হঠাৎ উপস্থিত হোৱা এক অনাকাঙ্ক্ষিত অতিথিৰ উপস্থিতিক কেন্দ্ৰ কৰি সৰ্বত্ৰে বিৰাজ কৰিলে তীব্ৰ আতংকই । প্ৰতিবছৰে সত্ৰ খনত আহি বাহৰ পতা আলহীৰ কৰ্মকাণ্ড দেখি শেষত খেদি পঠিয়াবলৈ বাধ্য হয় ব্ৰহ্মচাৰিবাসীয়ে । কাৰণ আলহীজন আহি এফালৰৰ পৰা শেষ কৰি যোৱাৰ উপক্ৰম কৰে ব্ৰহ্মচাৰিৰ খেতি-পথাৰ, ভঁৰাল-ঘৰ, আনকি এৰি থৈ নাযায় গছৰ কঁঠালটোও ।

আলহী গৰাকী হৈছে চামগুৰিৰ ব্ৰহ্মচাৰি সত্ৰলৈ প্ৰতিবছৰে অহা এটা প্ৰকাণ্ড বন্যহস্তী । এইবছৰো ব্ৰহ্মচাৰি সত্ৰলৈ আহিলে সকলোৰে পৰিচিত বন্যহস্তীটো । দিনটো সত্ৰৰ বিভিন্ন অঞ্চলত ঘূৰি-ফুৰি আলহীৰূপী বন্যহস্তীয়ে বিনষ্ট কৰিলে খেতি-পথাৰ, কল-কঁঠালৰ গছ ইত্যাদি । গোটেই দিনটো চৰম আতংকৰ মাজত পাৰ কৰা স্থানীয় ৰাইজে ৷

চামগুৰিৰ ব্ৰহ্মচাৰি সত্ৰত বন্যহস্তীৰ তাণ্ডৱ

অৱশেষত বন্যহস্তীটোক খেদি পঠিয়াবলৈ বিষয়টো অৱগত কৰিলে বন বিভাগক । উদমাৰি উপ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ একাংশ বনকৰ্মী ব্ৰহ্মচাৰিলৈ আহি শনিবাৰে বিয়লি বেলাৰ পৰা দেওবাৰে পুৱতি নিশা পৰ্য্যন্ত অভিযান চলাই অঞ্চলটোৰ পৰা অৱশেষত আঁতৰই নিবলৈ সক্ষম হয় বন্যহস্তীটো । আলহী স্বৰূপ বন্যহস্তীটো আঁতৰি যোৱাৰ বাবে এতিয়া সুস্থিৰ নিশ্বাস পেলাইছে অঞ্চলবাসীয়ে।

লগতে পঢ়ক : লক ডাউন: বিমানবন্দৰৰ টেক্সি চালকৰ দুৰাৱস্থা

ABOUT THE AUTHOR

...view details