অসম

assam

বন্যহস্তীৰ আতংকত বিনিদ্ৰ ৰজনী কটাইছে চামগুৰিবাসীয়ে

By

Published : Aug 13, 2021, 10:40 PM IST

বন্যহস্তীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন অঞ্চলত । তিনিজনীয়া এটা বন্যহস্তীৰ জাকে দিন দুপৰতে এখন বাগানত অৱস্থান কৰাক কেন্দ্ৰ কৰি আতংকৰ সৃষ্টি হৈছে চামগুৰিৰ দিলকাবস্তি নিবাসী সকলৰ মাজত ৷

Wild elephant panic in samaguri
বন্যহস্তীৰ আতংকত বিনিদ্ৰ ৰজনী কটাইছে চামগুৰিবাসীয়ে

চামগুৰি, 13 আগষ্ট : ৰাজ্যত দিনক দিনে দ্ৰুত গতিত বৃদ্ধি পাবলৈ হস্তী-মানুহৰ সংঘাত ৷ শেহতীয়াকৈ বন্যহস্তীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন অঞ্চলত । বিশেষকৈ চামগুৰিৰ ডিলকাবস্তিৰ এখন চাহ বাগানত তিনিজনীয়া এটা বন্যহস্তীৰ জাকে দিন দুপৰতে অৱস্থান কৰাক কেন্দ্ৰ কৰি আতংকৰ সৃষ্টি হৈছে দিলকাবস্তি নিবাসী সকলৰ মাজত ৷

স্থানীয় লোকে সদৰি কৰা মতে, বাগানখনত অৱস্থান কৰা বনৰীয়া হাতী কেইটাই বহু দিনৰ পৰা চামগুৰিৰ কেইবাটাও অঞ্চলত খাদ্যৰ সন্ধানত তাণ্ডৱ চলাই আহিছে ৷ খাদ্য সন্ধানত হাতী কেইটা অঞ্চলটোত প্ৰৱেশ কৰি বহু লোকৰ খেতি-বাতি নষ্ট কৰাৰ লগতে বাসগৃহ, ভঁৰাল ঘৰ, পাকঘৰ ভাঙি এক প্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷

বন্যহস্তীৰ আতংকত বিনিদ্ৰ ৰজনী কটাইছে চামগুৰিবাসীয়ে

লগতে পঢ়ক:তীব্ৰ বাদানুবাদৰ অন্তত বিধানসভাত গৃহীত গো-সুৰক্ষা বিধেয়ক

ইফালে, স্থানীয় লোকসকলে বন বিভাগক নিতৌ বিষয়টো অৱগত কৰি আহিছে যদিও গুৰুত্ব সহকাৰে লোৱা নাই ৷ তদুপৰি বন বিষয়া সকলৰ হেমাহিৰ বাবেই বন্যহস্তী কেইটা খেদি পঠিয়াবলৈ আজিকোপতি সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

কোনো সময়ত পৰ্যাপ্ত বন কৰ্মী অভাৱৰ বাবে কেৱল মাত্ৰ আতচবাজী ফুটাই হাতী কেইটা খেদিবলৈ চেষ্টা চলাই যদিও সফল হ'ব পৰা নাই বন বিভাগ ৷ যাৰ বাবে বিগত বহু নিশা বিনিদ্ৰ ৰজনী কটাইছে অঞ্চলবাসীয়ে । নিশাটো দূৰৰে কথা, দিনদুপৰতে ডিলকাবস্তিকে আদি কৰি চামগুৰিৰ বিভিন্ন ঠাইত বন্যহস্তীৰ মুক্ত বিচৰণে আতংকৰ সৃষ্টি কৰি আহিছে আঞ্চলবাসীৰ মাজত ।

এনে পৰিস্থিতিত বৃহত্তৰ চামগুৰি অঞ্চলত বিগত বহুদিন ধৰি উপদ্ৰৱ চলাই থকা বন্যহস্তী কেইটাক শীঘ্ৰেই খেদি পঠিয়াবলৈ সংশ্লিষ্ট বন বিভাগক পুনৰবাৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক:২৭ বছৰে জাতীয় পতাকা প্ৰস্তুত কৰি অহা এজন বিশেষ ব্যক্তি

ABOUT THE AUTHOR

...view details