অসম

assam

ETV Bharat / state

পুনৰ জনাঞ্চললৈ উভতি আহিছে বন্যহস্তীৰ বৃহৎ জাক - বনৰীয়া হাতী

বিগত কিছুদিনৰ পৰা চামগুৰিৰ বিভিন্ন অঞ্চলত উপদ্ৰৱ চলোৱা বন্যহস্তীৰ এটা 150 জনীয়া বৃহৎ জাক পুনৰ উভতি আহিছে গাঁৱলৈ ৷ উল্লেখ্য যে, বন বিভাগৰ লোকে এই বৃহৎ জাকটো খেদি পঠিয়াবলৈ সক্ষম হৈছিল যদিও খাদ্যৰ সন্ধানত পুনৰ উভতি আহিছে বন্যহস্তীৰ জাকটো ৷ বনকৰ্মীসকলে শূণ্যলৈ গুলি চালনা কৰি আৰু ফটকা ফুটাই পুনৰ আৰম্ভ কৰে হাতী খেদা অভিযান ।

wild elephant operation
পুনৰ জনাঞ্চললৈ উভতি আহিছে বন্যহস্তীৰ বৃহৎ জাক

By

Published : Dec 16, 2020, 10:32 AM IST

চামগুৰি,16 ডিচেম্বৰ : নগাঁৱৰ চামগুৰিলৈ পুনৰ অঞ্চলটোত উভতি আহিছে বন্যহস্তীৰ এটা বৃহৎ জাক । বিগত কিছুদিনৰ পৰা দিনে-নিশাই চামগুৰিৰ বাঘবৰালি, ৰঙাগড়া, ৰঙামাটি, বুঢ়া-বুঢ়ী, চৰণবস্তী, গেন্ধালি, উদমাৰী, কেঁকোৰাচুক আদি বিভিন্ন অঞ্চলত বন্যহস্তীৰ এটা 150 জনীয়া বৃহৎ জাকে চলাই আহিছে উপদ্ৰৱ ।

পুনৰ জনাঞ্চললৈ উভতি আহিছে বন্যহস্তীৰ বৃহৎ জাক

সোমবাৰে নিশা বন বিভাগৰ লোকে বনৰীয়া হাতীৰ জাকটো কাৰ্বি পাহাৰৰ দিশে খেদি পঠিওৱাৰ চেষ্টা চলাইছিল যদিও পুনৰ অঞ্চলটোলৈ উভতি আহে বন্যহস্তীৰ বৃহৎ জাকটো । বন বিভাগে চলোৱা অভিযান সফল নোহোৱাত পুনৰ মঙলবাৰে নিশাও সংশ্লিষ্ট বিভাগটোৰ অৰ্ধশতাধিক বিষয়া-বনৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত বিয়লিৰ পৰা ব্যাপকৰূপে আৰম্ভ কৰে হাতী খেদাৰ অভিযান । শালনা আঞ্চলিক বন বিষয়াৰ নেতৃত্বত উদমাৰী আৰু চাপানালা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ লগতে নগাঁও সদৰ বন কাৰ্যালয়ৰ বিষয়া-বনকৰ্মীসকলে শূণ্যলৈ গুলি চালনা কৰি আৰু ফটকা ফুটাই পুনৰ আৰম্ভ কৰে অভিযান ।

ইফালে স্থানীয় ভুক্তভোগী ৰাইজেও হাতে-হাতে জোৰ-ভোটা লৈ বন বিভাগৰ অভিযানকাৰী দলটোক সহযোগিতা আগবঢ়ায় । অৱশ্যে মঙলবাৰৰ মাজনিশালৈ বন বিভাগে বনৰীয়া হাতীৰ বৃহৎ জাকটো নিৰ্ধাৰিত স্থানলৈ খেদি পঠিয়াবলৈ সক্ষম হয় যদিও খাদ্যৰ সন্ধানত জাকটো যে পুনৰ জনাঞ্চললৈ ঘূৰি নাহিব, তাক কিন্তু নুই কৰিব নোৱাৰি । ইয়াকে লৈ এতিয়া চৰম শংকা আৰু নিৰাপদহীনতাৰ মাজত থাকিবলৈ বাধ্য হৈছে বৃহত্তৰ অঞ্চলটোৰ গঞা ৰাইজ ।

লগতে পঢ়ক :ভাৰতীয় সীমান্ত পথ প্ৰাধিকৰণ ডুমডুমাৰ উদ্যোগত স্বচ্ছতাৰ ৰেলী

ABOUT THE AUTHOR

...view details