বটদ্ৰৱা,২০ জুলাই: সমগ্ৰ ৰাজ্যত হৈ থকা বানত জনসাধাৰণৰ সমান্তৰালকৈ বন্য প্ৰাণী সমুহো পৰিছে ভয়াৱহ সমস্যাত । বাসস্থান তথা খাদ্যৰ অভাৱত কৰিব লগা হৈছে হাহাকাৰ । ওখ স্থানৰ সন্ধানত এই সমূহ প্ৰাণীয়ে ঢাপলি মেলিছে বিভিন্ন ঠাইলৈ । দেওবাৰে নিশা বানত বুৰ গৈ থকা লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্যকে ধৰি ওখ স্থানৰ সন্ধানত চাৰিটাকৈ বনৰীয়া হাতী সোমালেহি ৰাইদঙীয়া অঞ্চলত ।
লাওখোৱা অভয়াৰণ্যৰ বনৰীয়া হাতী সোমালেহি ৰাইদঙীয়াৰ জনাঞ্চলত - ৰাইডঙীয়া
নগাঁৱৰ ৰাইদঙীয়াত বন্যহস্তীৰ তাণ্ডৱ। চাৰিটাকৈ বনৰীয়া হাতীৰ ৰাইদঙীয়াকে আদি কৰি দাঁতি কাষৰীয়া গাঁও সমূহত বিচৰণ । খেতি পথাৰৰ লগতে বহু বাসগৃহত কৰিলে লণ্ডভণ্ড । আতংকিত অঞ্চলবাসী ।
লাওখোৱা অভয়াৰণ্যৰ বনৰীয়া হাতী সোমালেহি ৰাইদঙীয়াৰ জনাঞ্চলত
নিশা বনৰ পৰা ওলাই অহা হাতীৰ জাকটোৱে ইতিমধ্যে অঞ্চলটোৰ কেইবাটও বাসগৃহ ভঙাৰ লগতে লণ্ড ভণ্ড কৰিছে কৃষি ভূমিও । বন বিভাগক অৱগত কৰা হৈছে যদিও এই পৰ্যন্ত ঘটনাস্থলীত উপস্থিত হোৱা নাই কোনো বন বিভাগৰ লোক । ফলত আতংকিত হৈ পৰিছে ৰাইদঙীয়াকে ধৰি কাষৰীয়া গাঁৱৰ ৰাইজ । বৰ্তমান হাতীৰ জাকটো ৰাইডঙীয়াৰ ফুলগুৰিৰ এখন জংঘলৰ মাজত বিচৰন কৰি আছে ।