চামগুৰি,১৭ নৱেম্বৰ :নগাঁও জিলাৰ বঢ়মপুৰৰ বালিজুৰিত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ (Wild elephant menace in Nagaon)। বিয়লি হ'লেই বালিজুৰিৰ ডাক্টৰ বাগানৰ সমীপৰ হস্তীদণ্ডীৰে ভৈয়ামৰ পথাৰলৈ নামি আহে শ শ বন্যহস্তী । যাৰ বাবে আঘোণৰ পথাৰৰ সোণগুটি চপাবলৈ আশাৰে বাট চাই থকা কৃষকসকল এতিয়া শংকিত হৈ পৰিছে । কিয়নো গধূলিতে বালিজুৰিৰ বিশাল ধননি পথাৰলৈ নামি যোৱাৰ চেষ্টা চলায় বন্যহস্তীৰ জাকে ।
বিপদসংকুলভাৱে আতংকিত কৃষক তথা স্থানীয় ৰাইজে আতচবাজী ফুটাই বা জুই জ্বলাই ধাননি পথাৰত হাতীৰ জাকক প্ৰৱেশত বাধা প্ৰদান কৰা দেখা গৈছে । বন্যহস্তীৰ আতংকত নিশা উজাগৰে কটাবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে । কিন্তু এই ক্ষেত্ৰত বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাত ব্যৰ্থ হৈছে স্থানীয় ৰাইজ ।
ইয়াৰ বিপৰীতে কেইজনমান মাত্ৰ বনকৰ্মীয়ে কেইঘণ্টামানৰ বাবে আহি বৃহৎ সংখ্যক হাতী খেদিবলৈ চেষ্টা চলাইছে । যাৰ বাবে বন বিভাগৰ ওপৰত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । উপায়হীন একাংশ স্থানীয় কৃষক ৰাইজে চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অঞ্চলটোৰ বাবে সৰহ সংখ্যক বনকৰ্মী মোতায়েন কৰিবলৈ কাতৰ আহ্বান জনাইছে ।