অসম

assam

By

Published : Aug 8, 2022, 9:03 PM IST

ETV Bharat / state

Wild Elephant died: কেলিডেন চাহ বাগিচাত বোকাত আৱদ্ধ বন্যহস্তীৰ মৃত্যু

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে বোকাত আৱদ্ধ হৈ মৃত্যুৰ সৈতে যুঁজি থকা হাতীজনীয়ে । কলিয়াবৰৰ কেলিডেনৰ লক্ষীবস্তিৰ হোলাত দেওবাৰে আৱদ্ধ হৈ পৰিছিল ৪৫ বছৰীয়া হাতীজনী (Wild Elephant died at Kaliabor)।

wild-elephant-died-at-kaliabor
কলিয়াবৰৰ কেলিডেন চাহ বাগিচাত বোকাত আৱদ্ধ বন্যহস্তীৰ মৃত্যু

কলিয়াবৰ, 8 আগষ্ট:কলিয়াবৰৰ কেলিডেন চাহ বাগিচা চৌহদত দেওবাৰৰ পৰা বোকাত আৱদ্ধ হৈ আছিল এজনী বন্যহস্তী (Elephant stuck in mud) ৷ উত্তৰাঞ্চল শালনা বনাঞ্চলৰ অন্তৰ্গত টুঙীয়া পাহাৰৰ নামনিত লক্ষীবস্তিৰ হোলাত আৱদ্ধ এই মাখুন্দীজনীৰ বয়স প্ৰায় ৪৫ বছৰ বুলি বন বিভাগে জানিবলৈ দিয়ে । কিন্তু অৱশেষত মৃত্যুৰ সৈতে যুঁজি হাৰ মানিলে হাতীজনীয়ে(Wild Elephant died at Kaliabor) ।

বন বিভাগে সন্দেহ প্ৰকাশ কৰা মতে, কোনো অন্য হাতীৰে সৈতে হোৱা সংঘৰ্ষৰ ফলতেই বোকাত পৰি আহত হৈছিল হাতীজনী । ইয়াৰ পিছতেই হাতীজনীক উদ্ধাৰৰ বাবে বনবিভাগে যৎপৰনাস্তি চেষ্টা চলায় । ইফালে, দুৰ্গম অঞ্চলত ঘটনাটো সংঘটিত হোৱাৰ বাবে উদ্ধাৰ অভিযানত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল বনবিভাগৰ লোক ।

কলিয়াবৰৰ কেলিডেন চাহ বাগিচাত বোকাত আৱদ্ধ বন্যহস্তীৰ মৃত্যু

দেওবাৰে পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসকৰ এটা দল হাতীজনীৰ চিকিৎসাৰ বাবে ঘটনাস্থলীত উপস্থিত হৈ চিকিৎসা কৰে যদিও সোমবাৰে অৱশেষত মৃত্যুমুখত পৰে প্ৰাপ্তবয়স্ক বনৰীয়া হাতীজনী ।

লগতে পঢ়ক :Elephant stuck in mud: কলিয়াবৰৰ কেলিডেন চাহ বাগিচাত বোকাত আবদ্ধ বন্যহস্তী

ABOUT THE AUTHOR

...view details