কলিয়াবৰ, 27 ছেপ্টেম্বৰ: ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ (Man Elephant conflict in Assam) । জনাঞ্চললৈ বন্যহস্তীৰ জাক উলাই আহি পথাৰৰ শষ্য নষ্ট কৰাৰ লগতে ঘৰ-বাৰী ভাঙি চলোৱা তাণ্ডৱত বাৰুকৈয়ে বিপাঙত পৰি আহিছে ৰাইজ ৷ সম্প্ৰতি খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ ত্ৰাসত প্ৰায়ে উজাগৰী নিশা কটাবলগীয়া হৈছে ৰাইজে ৷ কেৱল ইমানেই নহয় হাতীৰ আক্ৰমণত ৰাজ্যৰ বহু ঠাইত মৃত্যুৰ মুখতো পৰিছে বহু লোক ৷
শেহতীয়াকৈ, শ্ৰী শ্ৰী জখলাবন্ধা সত্ৰৰ আচিনা গোঁসাই থানৰ সমীপৰ এঘৰত সোমবাৰে নিশা বন্যহস্তীয়ে চলালে উপদ্ৰৱ (Wild elephant destroyed house) ৷ বন্যহস্তীৰ উপদ্ৰৱত ডম্বৰু ভঁৰালী নামৰ ব্যক্তিজনে কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় । ঘৰৰ বেৰ ভাঙি বিচনা-পত্ৰ ভঙাৰ লগতে আন সা-সামগ্ৰীও লণ্ড-ভণ্ড কৰে ।