অসম

assam

By

Published : Jan 15, 2023, 1:51 PM IST

ETV Bharat / state

Wild elephant terror in Kaliabor: বন্যহস্তীৰ উপদ্ৰৱত ম্লান পৰিল কলিয়াবৰবাসীৰ ভোগালী বিহু

কলিয়াবৰত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ (Wild elephant terror in Kaliabor)। উৰুকাৰ নিশাও কলিয়াবৰৰ দেৱ সত্ৰত বনহস্তীয়ে চলালে তাণ্ডৱ ৷ এফালৰ পৰা লণ্ড-ভণ্ড কৰে ভঁৰাল, পাকঘৰ ৷

Wild Elephant destroyed concrete house and kitchen in Kaliabor Nagaon
কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰৱ

কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰৱ

কলিয়াবৰ, 15 জানুৱাৰী: আজি ভোগৰ উৎসৱ ভোগালী বিহু (Magh Bihu 2023)। ৰাজ্যজুৰী পৰিলক্ষিত হৈছে মাঘ বিহুৰ পাৰভঙা উচাহ ৷ ৰাজ্যজুৰি বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশ ৷ কিন্তু ভোগালীৰ এই আনন্দ উল্লাহ ম্লান পৰিছে কলিয়াবৰত (Wild elephant terror in Kaliabor) ৷

কিয়নো বন্যহস্তীৰ ত্ৰাসত ত্ৰস্তমান কলিয়াবৰৰ কেইবাখনো গাঁৱৰ ৰাইজ । নিতৌ বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ৰাইজে । নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহে হাতীৰ বৃহৎ জাক । তাৰ পিছতে এফালৰ পৰা ঘৰ-দুৱাৰ ভাঙি উপদ্ৰৱ চলাই বন্যহস্তীয়ে (Elephant destroyed concrete house in Kaliabor) ।

প্ৰত্যেক দিনাই কলিয়াবৰৰ কেইবাখনো গাঁৱত বন্যহস্তীৰ জাকে এনেদৰে চলাই গৈছে উপদ্ৰৱ ৷ যোৱা নিশাও অৰ্থাৎ উৰুকাৰ নিশাও কলিয়াবৰৰ দেৱ সত্ৰত বনহস্তীয়ে চলাই তাণ্ডৱ ৷ এফালৰ পৰা লণ্ড-ভণ্ড কৰে ভঁৰাল, পাকঘৰ । তাৎপৰ্যপূৰ্ণ যে, খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা প্ৰায়ে জনাঞ্চলত প্ৰৱেশ কৰে ভোকাতুৰ বন্যহস্তী । ভিন্ন সময়ত ঘৰ-দুৱাৰ-ভঁড়াল ভাঙি, ধান, চাউল, সা-সম্পত্তি নষ্ট কৰাৰ লগতে এক প্ৰকাৰ কলিয়াবৰৰ গ্ৰাম্যঞ্চলত নিশা আতংকৰ সৃষ্টি কৰিছে বন্যহস্তীয়ে ।

লগতে পঢ়ক:Wild elephant terror in Kaliabor: কলিয়াবৰত পুনৰ ঘৰ-দুৱাৰ ভাঙি বন্যহস্তীয়ে চলালে উপদ্ৰৱ

সেয়ে কলিয়াবৰত ক্ৰমাৎ বাঢ়ি অহা হাতী-মানুহৰ সংঘাত নিয়ন্ত্ৰণৰ বাবে কেইদিনমান পূৰ্বে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই বন বিভাগক বিশেষ ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছে । ইতিমধ্যে বন বিভাগক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি যাতে বনৰীয়া হাতীৰ জনাঞ্চলত প্ৰৱেশ ৰোধ কৰিব পাৰে তাৰ বাবে বন বিভাগে কৰ্মৰত বনকৰ্মী বৃদ্ধি কৰিবলৈ জনাইছে । বনৰীয়া হাতীয়ে যি পথেৰে জনাঞ্চলত প্ৰায়েই প্ৰৱেশ কৰে সেই পথসমূহৰ পৰাই গভীৰ বনাঞ্চললৈ ওভতাই পঠিওৱাৰ ব্যৱস্থা বন বিভাগে কৰিব বুলিও জনাই মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়াৰ পিছতো বৰ্তমানেও অব্যাহত আছে হাতীৰ উপদ্ৰৱ ৷ ভুক্তভোগী ৰাইজে অভিযোগ কৰা মতে এতিয়া এক প্ৰকাৰে প্ৰাণৰ প্ৰতিও ভাবুকি আহিছে ৷ নিশা শুই থাকিলে কোনফালে আহি বন্যহস্তীয়ে আক্ৰমণ চলাই সেই কথা ভাবিয়েই উজাগৰী কটাবলগীয়া হৈছে নিশা ৷

লগতে পঢ়ক:Wild Elephant terror: বন্যহস্তীয়ে ভাঙি চুৰমাৰ কৰিলে তিনিটাকৈ বাসগৃহ

ABOUT THE AUTHOR

...view details