চামগুৰি, 7 ছেপ্টেম্বৰ : নগাঁও জিলাৰ চামগুৰিত পুনৰ দিন দুপৰতে চলিছে বন্যহস্তীৰ মুক্ত বিচৰণ । খবৰ অনুসৰি, চামগুৰিৰ গেন্ধালি ভকতগাঁৱত তিনিটাকৈ বন্যহস্তীয়ে এখন সৰু হাবিত বিগত কেইবাদিনো ধৰি অৱস্থান গ্ৰহণ কৰিছে । সময়ে সময়ে বনৰীয়া হাতী কেইটাই হাবিখনৰ পৰা ওলাই আহি দিনৰ ভাগতে সমীপৰ জনাঞ্চলত মুক্ত বিচৰণ কৰা প্ৰত্যক্ষ কৰি সম্প্ৰতি প্ৰতিদিনেই ত্ৰাসৰ মাজত সময় অতিবাহিত কৰিছে স্থানীয় ৰাইজে ।
জানিব পৰা মতে, নিশা হ'লেই বন্যহস্তী কেইটাই বৃহত্তৰ অঞ্চলটোত উপদ্ৰৱ চলায় ৷ প্ৰতিনিশাই ৰাইজৰ ঘৰ, ভড়াল আদি ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে খেতিপথাৰো বিনষ্ট কৰিছে হাতী কেইটাই । অৱশ্যে, এই সন্দৰ্ভত মঙলবাৰে বন বিভাগে লাওঁখোৱা বন্যপ্ৰাণীৰ অভয়াৰণ্যৰ পৰা কেইবাদিনৰো পূৰ্বে অনা দুটাকৈ বিভাগীয় ঘৰচীয়া বন্যহস্তী লগত লৈ ততাতৈয়াকৈ উপদ্ৰৱৰ সৃষ্টি কৰা বনৰীয়া হাতী কেইটাক খেদি পঠিয়াবৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰে ৷ বন বিভাগৰ বিষয়া-কৰ্মীৰ এটা দল গেন্ধালি ভকতগাঁৱৰ বিশেষ হাবিখনত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় ।