চামগুৰি, 16 জুন : নগাঁও জিলাৰ আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চলত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ৷ শেহতীয়াকৈ দুয়োখন জিলাৰ সীমান্তৱৰ্তী অঞ্চল মেজিগাঁও থেকেপাগুৰিত বন্যহস্তীয়ে উপদ্ৰৱ চলাই দুটাকৈ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে ৷ তদুপৰি পাৰ্কুপৰ লংকৈ গাঁৱত নিশা উপদ্ৰৱ চলাই বন্যহস্তীয়ে বিস্তৰ ক্ষতিসাধন কৰে বুলি জানিবলৈ দিছে অঞ্চলটোৰ ৰাইজে ৷
স্থানীয় ৰাইজে সদৰি কৰা মতে খাদ্যৰ সন্ধানত মাজ নিশা এটা বন্যহস্তী নগাঁও আৰু কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী জনাঞ্চলত প্ৰৱেশ কৰে ৷ ইয়াৰ পাচতে এক আতংকই বিৰাজ কৰে অঞ্চলটোত ৷ খাদ্য সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীটোৱেও মেজিগাঁও থেকেপাগুৰি অঞ্চলত উপদ্ৰৱ চলাবলৈ আৰম্ভ কৰে ৷
ইয়াৰ ফলশ্ৰুতিত কঠালগুৰিৰ সমীপৰ মেজি গাঁও থেকেৰাগুৰিৰ মংগল সিং ইংতি আৰু পানী ৰাম ক্ৰামছা নামৰ দুজন লোকৰ ঘৰত প্ৰৱেশ কৰে বন্যহস্তীটো ৷ বন্যহস্তীটোৱে দুয়োজন লোকৰ বৃহৎ পৰিমাণৰ সা-সম্প্ৰত্তি ক্ষয়-ক্ষতি কৰাৰ লগতে বাসগৃহ দুটাও ভাঙিবলৈ চেষ্টা চলায় ৷