কলিয়াবৰ,16 এপ্ৰিলঃ লকডাউনৰ বাবে পথাৰতে শাক-পাচলি নষ্ট হৈ কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱাৰ সমান্তৰালভাৱে কলিয়াবৰত এইবাৰ বনৰীয়া ম'হৰ সন্ত্ৰাস ৷ কলিয়াবৰ মহকুমাৰ ২নং বিহডুবি গাঁৱত বৃহস্পতিবাৰে শাক-পাচলি,ফল-মূলৰ খেতিত উপদ্ৰৱ চলালে বনৰীয়া ম'হে ৷ যাৰ বাবে গাঁওখনৰ কৃষক ৰাইজৰ মাজত সৃষ্টি হৈছে আতংকৰ ৷ ইপিনে এই সন্দৰ্ভত বন বিভাগক গাঁৱৰ ৰাইজে খবৰ দিয়ে যদিও বন বিভাগে এইপৰ্যন্ত নিয়ন্ত্ৰণ কৰিব পৰা নাই বনৰীয়া ম'হৰ উপদ্ৰৱ ৷ তাকে লৈ এতিয়া শংকিত হৈ পৰিছে কৃষকসকল ৷
কলিয়াবৰত বনৰীয়া ম'হৰ সন্ত্ৰাস - বন বিভাগেও এইপৰ্যন্ত নিয়ন্ত্ৰণ কৰিব পৰা নাই বনৰীয়া ম'হৰ উপদ্ৰৱ
কলিয়াবৰত শাক-পাচলি,ফল-মূলৰ খেতিত উপদ্ৰৱ চলালে বনৰীয়া ম'হে ৷
![কলিয়াবৰত বনৰীয়া ম'হৰ সন্ত্ৰাস Wild Buffalo Panic at Kaliabor](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6813306-1102-6813306-1587023653599.jpg)
বনৰীয়া ম'হৰ সন্ত্ৰাসত আতংকিত কলিয়াবৰৰ কৃষক ৰাইজ
বনৰীয়া ম'হৰ সন্ত্ৰাসত আতংকিত কলিয়াবৰৰ কৃষক ৰাইজ