কলিয়াবৰ,18 জুলাইঃকলিয়াবৰত অব্যাহত বানাক্ৰান্ত বন্যপ্ৰাণীৰ সন্ত্ৰাস ৷ এইবাৰ বনৰীয়া ম'হৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হ'ল এজন বনকৰ্মী ৷ আঘাতপ্ৰাপ্ত বনকৰ্মী জনৰ নাম খৰ্গেশ্বৰ গৌড় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত গড়ঁৰ সুৰক্ষাত ব্যস্ত হৈ আছিল বনকৰ্মীজন ৷ আহত বনকৰ্মী গৰাকীক তাৎক্ষিণকভাৱে জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷
কলিয়াবৰত বনৰীয়া ম'হৰ আক্ৰমণ - বনকৰ্মী
বনৰীয়া ম'হৰ আক্ৰমণত আঘাতপ্ৰাপ্ত খৰ্গেশ্বৰ গৌড় এজন বনকৰ্মী
কলিয়াবৰত বানাক্ৰান্ত বন্যপ্ৰাণীৰ সন্ত্ৰাস
উল্লেখযোগ্য যে, বুধবাৰে পুৱাও কলিয়াবৰৰ ধনেখোৱা আৰু লক্ষণাবন্ধা গাঁৱত গাহৰিৰ আক্ৰমণত আহত হৈছিল কেইবাজনো লোক ৷