বটদ্ৰৱা, 12 জানুৱাৰীঃ ধিং আৰু বটদ্ৰৱাত বলিয়া মহ'ৰ আক্ৰমণত শিশু আৰু মহিলা সহ আহত হয় দহৰো অধিক লোক । বলিয়া মহ'ৰ এনে সন্ত্ৰাসক লৈ এতিয়া আতংকিত হৈ পৰিছে ধিং আৰু বটদ্ৰবাৰ অঞ্চলৰ ৰাইজ । দেওবাৰে আবেলি ধিঙৰ ভেৰভেৰী আৰু বটদ্ৰবাৰ বৰভেটি গাঁৱত অতৰ্কিতে প্ৰৱেশ কৰে এটা বলিয়া ম'হে । মহ'টোৰ আক্ৰমণ কৰাৰ ফলত ১০/১২ জনতকৈ অধিক লোক গুৰুতৰ ভাৱে আহত হয় । আহত সকল ক্ৰমে লইজ্জত আলী, ফকৰ উদ্দিন, আইচা খাতুন, জয়নাল উদ্দিন, ৰুমাইল আলী, হাজেৰা খাতুন সহ আন কেইবাজনো লোক । পিছত আহত কেইজনকে ধিং এফ আৰ ইউত ভৰ্তি কৰা হয় যদিও ইয়াৰে মৰচৱ আলী সহ ৩ জনৰ অৱস্থা অতি সংকট জনক হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে নগাঁৱ লৈ প্ৰেৰণ কৰে ।
বটদ্ৰৱাত বলিয়া মহ'ৰ আক্ৰমণ, গুৰুতৰভাৱে আহত 1
বলিয়া মহ'ৰ এনে সন্ত্ৰাসক লৈ এতিয়া আতংকিত হৈ পৰিছে ধিং আৰু বটদ্ৰবাৰ অঞ্চলৰ ৰাইজ । দেওবাৰে দুপৰীয়া প্ৰায় ২ বজাৰ পৰা ৫ বজালৈকে ধিঙৰ ভেৰভেৰী আৰু বটদ্ৰবাৰ বৰভেটি গাঁৱত অতৰ্কিতে প্ৰবেশ কৰে এটা বলিয়া ম'হে
বটদ্ৰৱাত বলিয়া মহ'ৰ আক্ৰমণ
আৰু পঢ়কঃ বৰপেটাত দেওবাৰে সামৰণি পৰে ইস্তেমাৰ
বটদ্ৰৱাত পুনৰ বলিয়া ম'হৰ আক্ৰমণত আহত মাইনুল হক নামৰ এজন লোক । সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ বটদ্ৰৱা ভিডিবাড়িৰ মাইনুল হক নামৰ লোকজনক । আনহাতে, ঘটনাস্থলীত ৰাইজৰ নিৰাপত্তাৰ বাবে বটদ্ৰৱা আৰক্ষী উপস্থিত হয় যদিও বলিয়া ম'হটোৰ মুক্ত বিচৰণে অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছে ৷
Last Updated : Jan 12, 2020, 11:43 PM IST