বটদ্ৰৱা, 22 আগষ্টঃধিঙৰ শিয়ালে টাপু চৰত সংঘটিত হয় এক কৰুণ ঘটনা ৷ খেতিত মৰাপাট কাটি থকা অৱস্থাত হঠাৎ বনগাহৰীৰ আক্ৰমণৰ সন্মুখীন হয় এটা দুৰ্ভগীয়া পৰিয়াল ৷ এই আক্ৰমণত পৰিয়ালটোৰ স্বামী- স্ত্ৰী নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় জীয়ৰীৰ লগতে আন এগৰাকী মহিলা ৷
ধিঙত বনৰীয়া গাহৰীৰ আক্ৰমণত নিহত স্বামী- স্ত্ৰী - বনগাহৰী
বন গাহৰিৰ আক্ৰমণত নগাঁৱৰ ধিঙত নিহত হ'ল দুজনকৈ লোক ৷ খেতি পথাৰত মৰাপাট কাটি থাকোতেই বন গাহৰিয়ে আক্ৰমণ কৰে লোক দুজনক ৷

বনৰীয়া গাহৰীৰ আক্ৰমণত নিহত স্বামী- স্ত্ৰী
বনৰীয়া গাহৰীৰ আক্ৰমণত নিহত স্বামী- স্ত্ৰী
নিহত স্বামী-স্ত্ৰী দুগৰাকী ক্ৰমে নুৰ মহম্মদ আৰু জাহানাৰা বেগম । আনহাতে গুৰুতৰভাৱে আহত হয় চৈধ্য বছৰীয়া জীয়ৰী জোনমনি বেগম আৰু কুলচুমা খাতুন নামৰ আন এগৰাকী মহিলা ৷ ইতিমধ্যে আহত লোক কেইজনক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷