নগাঁও, 12 মে' :চোৰাং চিকাৰীৰ বিৰুদ্ধে সষ্টম নগাঁও বন বিভাগ । বনৰীয়া চৰাইসহ নগাঁও বন বিভাগৰ জালত চোৰাং চিকাৰী ৷ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে বনৰীয়া চৰাইৰ চোৰাং চিকাৰ । জিলাখনৰ বিভিন্ন বিল জলাশয়ৰ লগতে বিশেষকৈ লাওখোৱা অভয়াৰণ্যলৈ আগমন ঘটা বিভিন্ন প্ৰজাতিৰ চৰাই চিকাৰৰ বাবে সক্ৰিয় হৈ থাকে একাংশ চোৰাং চিকাৰী ।
এক গোপন তথ্যৰ ভিত্তিত নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ খণ্ড বন বিষয়া ইফটিকাৰ হুছেইনৰ নেতৃত্বত বনকৰ্মীৰ এটা দলে অভিযান চলাই নগাঁৱৰ জুৰীয়া আধাখুন্দা গাঁৱৰ পৰা বন বিভাগৰ দলটোৱে বহুকেইটা বনৰীয়া চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইফালে, বন বিভাগৰ লোকে চলোৱা এই অভিযানত আধাখুন্দা গাঁৱৰ পৰা ১৩ টা কামচৰাই, ১০ টা শৰালী হাঁহ আৰু ৬ টা ডাউক চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় । লগতে এই কাণ্ডৰ সৈতে জড়িত আব্দুল ৰহিম আৰু মোছাৰফ আলীক আটক কৰিবলৈ সক্ষম হয় (Wild birds poachers arrested in Nagaon)।