অসম

assam

ETV Bharat / state

ভয়াৱহ বানৰ ফলত জনাঞ্চললৈ বন্যপ্ৰাণী, গঁড়কে ধৰি মুঠ ২৮ টা বন‍্যপ্ৰাণীৰ মৃত‍্যু - বান

বানৰ বিভীষিকাত এতিয়া আলাই-আথানী অৱস্থা জীৱকূলৰ ৷ ফলত কলিয়াবৰৰ জনাঞ্চলত চাৰি জনীয়া হাতীৰ দল ৷ ইপিনে শিলঘাটত উদ্ধাৰ সুগৰি পহু ৷

ভয়াৱহ বানৰ ফলত জনাঞ্চললৈ বন্যপ্ৰাণী

By

Published : Jul 17, 2019, 3:13 AM IST

কলিয়াবৰ, 17 জুলাইঃ মঙলবাৰে কলিয়াবৰৰ দেউৰী চিলাবন্ধা গাঁৱত এটি কণমানি হাতী পোৱালিৰ সৈতে দেখা গ'ল এটা হাতীৰ জাক । প্ৰৱল বানৰ পৰা পৰিত্ৰাণ পাবলৈ কাজিৰঙাৰ পৰা জনাঞ্চললৈ হাতীৰ জাকটো ওলাই অহা বুলি সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে । ইতিমধ্যে শিলঘাট বন সংমণ্ডলৰ বন কৰ্মীয়ে হাতীৰ দলটো নিৰাপদ স্থানলৈ খেদি পঠিয়াবলৈ সক্ষম হৈছে ।

ভয়াৱহ বানৰ ফলত জনাঞ্চললৈ বন্যপ্ৰাণী

আনহাতে, শিলঘাটস্থিত কলিয়াবৰ উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ত উদ্ধাৰ হয় এটা সুগৰি পহু । বিদ‍্যালয়ৰ চৌহদৰ উদ্ভিদ উদ‍্যানত বানৰ পৰা ৰক্ষা পাবলৈ আহি আঘাতৰ সন্মুখীন হয় পহুটো । পিচত বিদ‍্যালয়খনৰ অধ‍্যক্ষৰ তৎপৰতাত স্থানীয় প্ৰকৃতি প্ৰেমী সঞ্জৱ ডেকাই পহুটো উদ্ধাৰ কৰি স্থানীয় পশু চিকিৎসক সুৰজ প্ৰতীম কাকতিৰ তত্বাৱধানত আঘাতপ্ৰাপ্ত পহুটোৰ চিকিৎসাৰ ব‍্যৱস্থা কৰে ৷

ইপিনে, বাগৰি অঞ্চলতো এটা বনৰীয়া ম'হৰ জাক নিৰাপদ স্থানৰ সন্ধানত ঘূৰি-ফুৰা পৰিলক্ষিত হয় । বাগৰি আৰক্ষী থানাৰ সমীপতে ম'হৰ জাকটোৱে অৱস্থান লোৱা বুলি জানিব পৰা গৈছে । ইতিমধ‍্যে, বন বিভাগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানত হোৱা প্ৰচণ্ড বানত চাৰিটা গঁড়ৰ মৃত‍্যু হোৱা বুলি সদৰি কৰিছে । ইয়াৰে এটা গঁড়ৰ মৃতদেহ বাগৰি বনাঞ্চলৰ বুলি জানিব পৰা গৈছে । শেহতীয়া তথ্য অনুসৰি মুঠ ২৮ টা বন‍্যপ্ৰাণী বানত মৃত‍্যু মুখত পৰিছে ৷

ABOUT THE AUTHOR

...view details