অসম

assam

কলিয়াবৰৰ পতাহী বিলত পালন বিশ্ব জলাশয় দিৱস

By

Published : Feb 2, 2021, 7:06 PM IST

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান আৰু ব‍্যঘ্ৰ প্ৰকল্পৰ উদ‍্যোগ পতাহী বিলত উদযাপন বিশ্ব জলাশয় দিৱস । দিৱস পালনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী লগতে ৰাইজক সজাগতাৰ বাবে ৰাষ্ট্ৰীয় উদ্য়ান কতৃপক্ষৰ বিশেষ পদক্ষেপ ।

কলিয়াবৰৰ পতাহী বিলত পালন বিশ্ব জলাশয় দিৱস
কলিয়াবৰৰ পতাহী বিলত পালন বিশ্ব জলাশয় দিৱস

কলিয়াবৰ , ২ ফেব্ৰুৱাৰী : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্র প্ৰকল্পৰ অন্তৰ্গত কলিয়াবৰৰ বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত পতাহী বিলত মঙলবাৰে উদ‌যাপন কৰা হয় 'বিশ্ব জলাশয় দিৱস' । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান লগতে বিভিন্ন সংস্থাৰ উদ্য়োগত পালন কৰা এই দিৱসৰ লগত সংগতি ৰাখি জলাশয়ৰ জৈৱ-বৈচিত্ৰতা তথা পানী সংৰক্ষণৰ ওপৰত সজাগতা সৃষ্টি কৰিবলৈ এক সভাৰ আয়োজন কৰা হয় । এই দিৱসত কলিয়াবৰৰ ৭ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলকৰ মাজত জলাশয়ৰ সজাগতা সৃষ্টিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে ৰাষ্ট্ৰীয় উদ্য়ান কতৃপক্ষই ।

কলিয়াবৰৰ পতাহী বিলত পালন বিশ্ব জলাশয় দিৱস

বিশ্ব জলাশয় দিৱসত বিশিষ্ট অথিতি ৰূপে উপস্থিত থাকে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰ, শিক্ষক ভূপেন শৰ্মা । অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে পতাহী বিল সংৰক্ষণৰ বিষয়ে কেইবাটাও গুৰুত্ব পূৰ্ণ মন্তব্য় প্ৰদান কৰে ।


লগতে পঢ়ক :ৰঙিয়াত তিনিদিনীয়া কাৰ্য‍সূচীৰে যোগ সন্মিলন

ABOUT THE AUTHOR

...view details