অসম

assam

ETV Bharat / state

ৰাজ্যত নিষিদ্ধ কৰক বহিঃৰাজ্যৰ গামোচা: ছাত্ৰ সন্থা - Kaliabar central AASU

সমাগত বহাগ বিহু ৷ যাৰ বাবে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই গামোচাৰ বাবে সূতা বিতৰণ কৰে শিপিনী গাঁৱত (Weaving yarn distribution by Kalibar AASU) ৷

Gamosa Weaving Program at Kaliabor
ৰাজ্যৰ বজাৰত বহিৰাগত গামোচাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ ব্যৱস্থা কৰক: আছু

By

Published : Mar 7, 2022, 2:49 PM IST

কলিয়াবৰ, 7 মাৰ্চ : অসমীয়াৰ জাতিৰ সন্মান বিজড়িত গামোচাৰ থলুৱাভাৱে উৎপাদনৰ লক্ষ্যৰে কলিয়াবৰত সদৌ অসম ছাত্ৰ সন্থাই লোৱা অভিনৱ পদক্ষেপে এই বৰ্ষত পাঁচ বছৰত ভৰি দিলে ৷ যাৰ বাবে কলিয়াবৰৰ নিজ চিলাবন্ধা গাঁও অৰ্থাৎ শিপিনী গাঁৱত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই অঞ্চলটোৰ শিপিনীসকলৰ মাজত সূতা বিতৰণৰ (Kaliabar central AASU helping weavers) বাবে আয়োজন কৰে এক অনুষ্ঠানৰ (Weaving yarn distribution by Kalibar AASU) ৷ য’ত উপস্থিত থাকে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলৰ লগতে অঞ্চলটোৰ বহুকেইগৰাকী শিপিনী ৷

ৰাজ্যৰ বজাৰত বহিৰাগত গামোচাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ ব্যৱস্থা কৰক: আছু

উল্লেখ্য যে, ৰাজ্যৰ বজাৰত বহিৰাগত গামোচাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে থলুৱা শিপিনীসকলক এক উপাৰ্জনৰ পথ মুকলি কৰি দিয়াৰ উদ্দেশ্যে কলিয়াবৰত সদৌ অসম ছাত্ৰ সন্থাই ২০১৭ চনতে আৰম্ভ কৰিছিল থলুৱা গামোচা উৎপাদন আঁচনি । ২০১৭ চনতে আছুৰ উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য আৰু বিশিষ্ট অভিনেত্ৰী চেতনা দাসৰ উপস্থিতিত নিজ-চিলাবন্ধাক 'শিপিনী গাঁও' ৰূপে স্বীকৃতি প্ৰদান কৰা হৈছিল ।

দেওবাৰে আছুৰ বহুকেইজন বিষয়-ববীয়া তথা স্থানীয় গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত উদ্বোধন কৰা হয় এই বৰ্ষৰ থলুৱা গামোচাৰ উৎপাদন কাৰ্য‍ ।

জানিব পৰা মতে, কলিয়াবৰত আয়োজন কৰা এই অনুষ্ঠানতে কলিয়াবৰৰ নিজ-চিলাবন্ধা শিপিনী গাঁৱৰ এশ গৰাকী থলুৱা শিপিনীক গামোচা উৎপাদনৰ বাবে সূতাৰ যোগান ধৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই । বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো সমাগত ৰঙালী বিহুলৈ এহেজাৰ খনৰো অধিক থলুৱা গামোচা উৎপাদনৰ লক্ষ্য লৈছে এইসকল শিপিনীসকলে ৷

যাৰ বাবে ছাত্ৰ সন্থাই সূতাৰ যোগান ধৰাৰ লগতে এটি থলুৱা গামোচা বিক্ৰী কেন্দ্ৰ জৰিয়তে বজাৰত উপলব্ধ কৰিব থলুৱা গামোচা ৷ তদুপৰি অসমীয়া থলুৱা শিপিনী সকলক উচিত মূল্য দি তেওঁলোকৰ বাবে বিশেষ পদক্ষেপ লোৱাৰ বাবে চৰকাৰলৈ অনুৰোধ জনাই কলিয়াবৰ ছাত্ৰ সন্থাই ।

লগতে পঢ়ক :Acute drinking water crisis: নদীৰ ঘোলা পানীৰে পিয়াহ গুচাইছে স্বৰ্গপুৰৰ ৰাইজে

ABOUT THE AUTHOR

...view details