কলিয়াবৰ,2 জুলাই:কৃষিপ্ৰধান ৰাজ্য হিচাপে অসমত কৃষিৰ পিছতে স্থান দখল কৰিছে বয়ন শিল্পই ৷ অতীতত শিপিনীসকলে একে ৰাতিতে কাপোৰ বৈ স্বামীক যুদ্ধক্ষেত্ৰলৈ পঠিওৱাৰ নিদৰ্শনো আছে এইখন অসমতে ৷ অসমীয়া জীয়ৰী-বোৱাৰীৰ হাতে বোৱা কাপোৰৰ চানেকিৰ মান দেখি প্ৰশংসাত পঞ্চমুখ হৈছিল জাতিৰ পিতা মহাত্মা গান্ধী ৷ বৰ্তমান আধুনিকতাৰ উত্তৰণ ঘটাত হাতে বোৱা কাপোৰৰ ঠাই দখল কৰিছে যন্ত্ৰচালিত কাপোৰে ৷ ফলত তীব্ৰ প্ৰত্য়াহ্বানৰ সন্মুখীন হৈছে থলুৱা শিপিনীসকল ৷ শিপিনীসকলে বজাৰত উচিত বিক্ৰীমূল্য নোপোৱাত স্বাভাৱিকতে সন্মুখীন হৈছে আৰ্থিক অনাটনৰ ৷
কলিয়াবৰত তাঁতশাল বিতৰণ মন্ত্ৰী কেশৱ মহন্তৰ - Water Resource minister keshab mahanta
তাঁত শিল্পৰ জৰিয়তে অৰ্থনেতিক উন্নয়নৰ লক্ষ্য জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ ৷ কলিয়াবৰৰ 34 গৰাকী শিপিনীৰ মাজত এক চৰকাৰী আঁচনিৰ অধীনত তাঁতশাল বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে ৷
আনহাতে,শিপিনীসকলৰ সুবিধাৰ্থে ৰাজ্যিক হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে প্ৰৱৰ্তন কৰিছে বিভিন্ন আঁচনি ৷ উক্ত আঁচনিৰ ভিতৰত অন্যতম হৈছে তাঁতশাল বিতৰণ আঁচনি ৷ বৃহস্পতিবাৰে এনে এক তাঁতশাল বিতৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই । অনুষ্ঠানত অসমৰ তাঁতশিল্পৰ ঐতিহাসিক মহত্ব ধৰি ৰাখিবলৈ অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে ব্যাখ্যা আগবঢ়াই তাঁতৰ জৰিয়তে অৰ্থনেতিক উন্নয়নত সহযোগিতা আগবঢ়াবলৈ শিপিনীসকলক আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে ৷ কলিয়াবৰৰ হাটবৰস্থিত অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ হস্ততাঁত প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধীক্ষকৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত উক্ত কাৰ্যসূচীত ৩৪ গৰাকী শিপিনীক তাঁতশাল বিতৰণ কৰে মন্ত্ৰী কেশৱ মহন্তই ।