বটদ্ৰবা, 16 মে': দেশজুৰি বাহাল থকা লক ডাউনৰ বাবে ব্যাপক ভাৱে ক্ষতিগ্ৰস্ত হৈছে দেশ তথা ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ী সকল ৷ এই লক ডাউনৰ প্ৰভাৱত বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে অসমৰ কেছা পাট মুগাৰ মেখেলাৰ বাবে আগস্থান দখল কৰা বয়ন শিল্প ৷ সম্প্ৰতি এই শিল্পৰ লগত জড়িত শ্ৰমিক শিপিনীসকলৰ মাজত সৃষ্টি হৈছে নাজল নাথল অৱস্থাৰ ৷ লক ডাউনৰ বাবে সকলো দোকান বজাৰ বন্ধ হৈ পৰাৰ বাবে বৰ্তমান ঘৰতে বহি থাকিব লগীয়া হৈছে নগাঁও জিলাৰ জাজৰি অঞ্চলত তাঁত শিল্পৰ লগত জড়িত সহস্ৰাধিক শিপিনী ৷ লক ডাউনৰ ফলত প্ৰস্তুত কৰি উলিওৱা কাপোৰৰ বিক্ৰী সম্পূৰ্ণ ভাৱে বন্ধ হৈ পৰাত তাঁতৰ শালতেই মৰহি গৈছে শিপিনীৰ ফুলৰ চানেকি ৷
লকডাউনৰ বাবে ভয়ংকৰ অৰ্থ সংকটত বটদ্ৰবাৰ সহস্ৰাধিক শিপিনী - লক ডাউনে যেন বিপৰ্যস্ত কৰিছে শিপিনীক
লক ডাউনৰ বাবে বৰ্তমান অনিশ্চয়তাৰ গৰ্ভত অসমৰ দ্বিতীয় শুৱালকুছি সদৃশ নগাঁওৰ জাজৰিৰ তাঁতশিল্প ৷ উপাৰ্জন পথ সম্পূৰণৰূপে বন্ধ হৈ পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে তাঁতশিল্পৰ যোগেদি উপাৰ্জন পথ মোকলাই লোৱা বৃহত্তৰ জাজৰি অঞ্চলৰ বহু লোকে ৷
উল্লেখ্য যে, লক ডাউনৰ বাবে সম্প্ৰতি অনিশ্চয়তাৰ গৰ্ভত অসমৰ দ্বিতীয় শুৱালকুছি সদৃশ নগাঁওৰ জাজৰিৰ তাঁতশিল্প ৷ উপাৰ্জন পথ সম্পূৰণৰূপে বন্ধ হৈ পৰিছে তাঁতশিল্পৰ যোগেদি জীৱনৰ ছন্দ বিচাৰি পোৱা বৃহত্তৰ জাজৰি অঞ্চলৰ বহু লোকৰ ৷ যাৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তাঁতশালত কাপোৰ বৈ দৈনিক হাজিৰাৰ বাবদ পোৱা ধনেৰে কোনো মতে চলি থকা বৃহত্তৰ জাজৰি অঞ্চলৰ বহু পৰিয়ালৰ মাজত ৷ উল্লেখ্য যে জাজৰিৰ প্ৰায় ৪০ শতাংশ মহিলা তাঁতশিল্পৰ লগত জড়িত ৷ তাঁত শিল্পৰ জড়িয়তেই উক্ত মহিলা সকলে বিছাৰি লৈছিল অৰ্থ উপাৰ্জনৰ পথ ৷ কিন্তু লক ডাউনে যেন বিপৰ্যস্ত কৰিছে শিপিনী সকলৰ ব্যৱসায় ৷ ইয়াৰ উপৰিও কৰ'ণা মহামাৰীৰ সন্ত্ৰাসৰ বাবে এইবাৰৰ বহাগ বিহুটি উদযাপন নোহোৱাৰ বাবেও ব্যৱয়াত লোকচানৰ সন্মুখীন হ'ব লগীয়া হ'ল জাজৰিৰ শ শ শিপিনী ৷ ইটোৰ পিছত সিটো বিপদে ক্ষতিগ্ৰস্ত কৰাৰ বাবে মানসিক ভাৱে ভাগি পৰা এই সকল শিপিনীয়ে এতিয়া বিছাৰিছে চৰকাৰী সহায় ৷ লগতে এই “শিল্পকৰ্ম”বিধক জীয়াই ৰাখিবৰ বাবে ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে শিল্পী সকলে ৷ অৱশ্যে চৰাকাৰে ক্ষুদ্ৰ উদ্যোগ সমূহক সকাহ দিয়াৰ কথা ঘোষণা কৰাৰ পিছতেই আশাৰ ৰেঙণি দেখিছে শিপিনী সকলে ৷