ৰূপহীহাট, 31 মে’ :নগাঁৱত এতিয়া অপৰাধীৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে আই পি এছ আনন্দ মিশ্ৰা ৷ দিন-ৰাতি বুলি একো নাই, যিকোনো মূহুৰ্তত জিলাখনৰ ভিন্ন প্ৰান্তত চলিছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাই ৷ দেওবাৰে মাজনিশা নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ অভিযানত আটক এজন ড্ৰাগছ ব্যৱসায়ী ৷ নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ নেতৃত্বত দেওবাৰে মাজনিশা আৰক্ষীৰ এটা দলে জুৰীয়া বজাৰৰ সমীপৰ জাইতুল কবিৰৰ বাসগৃহত অভিযান চলাই । বিভিন্ন অপৰাধৰ সৈতে জড়িতৰ অভিযুক্ত জাইতুল কবিৰ ৷
মাজনিশা জুৰীয়াত ড্ৰাগছ মাফিয়ালৈ নগাঁও আৰক্ষীৰ গুলী - drug dealer at nagaon
দেওবাৰে নিশা জুৰীয়াত ড্ৰাগছৰ বিৰুদ্ধে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ অভিযান ৷ উক্ত অভিযানত আৰক্ষীয়ে এজন ড্ৰাগছ ব্যৱসায়ী আটক কৰা লগতে মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে ।
![মাজনিশা জুৰীয়াত ড্ৰাগছ মাফিয়ালৈ নগাঁও আৰক্ষীৰ গুলী weapons-seized-from-a-drug-dealer-at-nagaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11960019-thumbnail-3x2-kj.jpg)
নগাঁৱত এজন ড্ৰাগছ ব্যৱসায়ী সহ মৰণাস্ত্ৰ জব্দ
নগাঁৱত এজন ড্ৰাগছ ব্যৱসায়ী সহ মৰণাস্ত্ৰ জব্দ
উল্লেখ্য় যে, আৰক্ষীৰ অভিযানৰ সময়ত জাইতুল কবিৰে আৰক্ষীক গুলীওৱাৰ চেষ্টা কৰাত আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীজনক লক্ষ্য কৰি গুলীচালনা কৰে । এই গুলীচালনাত আৰক্ষীৰ গুলীত আহত হয় ড্ৰাগছ ব্যৱসায়ী জাইতুল কবিৰ ৷ ইয়াৰ পাচতে আৰক্ষীয়ে জাইতুলক আটক কৰি তাৰ হাতৰ পৰা মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয় । আনহাতে, আহত ড্ৰাগছ ব্যৱসায়ী জাইতুল কবিৰক আৰক্ষীৰ জিম্মাত থৈ চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে ৷
লগতে পঢ়ক : গুৱাহাটীত গ্ৰেপ্তাৰ এন এল এফ বিৰ কেডাৰ
Last Updated : May 31, 2021, 10:32 AM IST