নগাঁও, 20 জুলাই : অপৰাধীৰ বিৰুদ্ধে নগাঁৱত আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে আৰক্ষীৰ জালত পৰে মাৰণাস্ত্ৰসহ দুই দুধৰ্ষ ডকাইত । দেওবাৰে নিশা নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই নগাঁৱৰ চিলঙনিৰ পৰা দুজনকৈ দুধর্ষ ডকাইতক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ধৃত ডকাইত দুজন কুদ্দুছ আলী আৰু আমিনুল হক।
মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত দুই দুধর্ষ ডকাইত - মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত দুই দুধর্ষ ডকাইত
নিশা নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই নগাঁৱৰ চিলঙনিৰ পৰা দুজনকৈ দুধর্ষ ডকাইতক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । ধৃত ডকাইত দুজন কুদ্দুছ আলী আৰু আমিনুল হক ।
![মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত দুই দুধর্ষ ডকাইত Weapon seized and two robbers arrested by Nagaon police](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8095402-405-8095402-1595225328992.jpg)
মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত দুই দুধর্ষ ডকাইত
লগতে পঢ়কঃদুই ভুৱা চিকিৎসকে মিলি চলাই আছিল ব্যক্তিগত চিকিৎসালয়
নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক ডাঃ কল্যান কুমাৰ দাস আৰু হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আবেদুৰ ৰহমানৰ নেতৃত্বত চলা অভিযানত ডকাইত দুজনৰ পৰা এটা ৭.৫৬ এম এম পিষ্টলৰ লগতে ১৬ জাই সজীৱ গুলী জব্দ কৰিবলৈ সক্ষম হয় ।