অসম

assam

ETV Bharat / state

Flood in Nagaon: বানৰ আশংকাই নিদ্ৰা হৰিছে কলংপৰীয়া ৰাইজৰ - Flood in Nagaon

ভগ্ন মথাউৰিয়ে কঢ়িয়াইছে শংকা । কলং,কপিলীৰ জলস্তৰ বাঢ়ি অহাৰ লগে লগে এই আশংকা ঘনীভূত । বান প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে ।

Water level of Kapili rises rapidly
দ্ৰুতগতিত বাঢ়ি আহিছে কলং,কপিলীৰ জলস্তৰ

By

Published : Jun 17, 2023, 3:15 PM IST

দ্ৰুতগতিত বাঢ়ি আহিছে কলং,কপিলীৰ জলস্তৰ

ৰহা, ১৭ জুন:দ্ৰুতগতিত বাঢ়ি আহিছে কলং,কপিলীৰ জলস্তৰ । পুনৰ কলঙৰ প্ৰৱল বানৰ আশংকাত ভুগিছে ৰহাবাসী। কলঙৰ জলস্তৰ দ্ৰুত গতিত বাঢ়ি অহাৰ লগে লগে এই আশংকা ঘনীভূত হৈছে । যোৱা বছৰ কলঙৰ প্ৰলয়ংকৰী বানে ৰহাৰ ৰহাচকী, হাৰিয়ামুখ, দুৰ্গাজান, দেউবালি আদিত মথাউৰি তথা একমাত্ৰ পথ তচনচ কৰি ৰহা চহৰৰ লগতে মৰিগাঁও জিলাতো প্ৰৱল বানৰ সৃষ্টি কৰিছিল ।

সেই বিভীষিকাৰ স্মৃতি মাৰ নাযাওঁতেই পুনৰ আহিছে বানৰ আতংক । হাৰিয়ামুখ, দুৰ্গাজান আদিত যোৱা বছৰ বানে ভঙা পথ তথা মথাউৰিৰ কিছু মেৰামতি কৰা হ'ল যদিও ৰহাচকীত ৰে'ল দলঙৰ সমীপতে বানে ভঙা পথ চোৱা মেৰামতি নকৰিলে । ৰে'ল বিভাগৰ লগতে ৰাজ্যৰ লোকনিৰ্মাণ বিভাগৰ হেমাহিৰ বাবেই ৰহা চহৰৰ গাতে লাগি থকা এই পথচোৱা আজিও উন্মুক্ত হৈ আছে । ৰে'ল বিভাগে ৰে'ল দলঙখনৰ সুৰক্ষাৰ বাবে কাম কৰিছে যদিও ৰাজ্যৰ লোকনিৰ্মাণ বিভাগ কিম্বা জলসম্পদ বিভাগে পথচোৱা পুনৰ নিৰ্মাণ নকৰাত এতিয়া সমগ্ৰ অঞ্চলটোলৈ ভাবুকি কঢ়িয়াই আনিছে । ফলত পুনৰ প্ৰৱল বানৰ আশংকা ঘণীভূত হৈছে ।

কলঙৰ জলপৃষ্ঠ আৰু মাত্ৰ দুই/তিনি ফুট বাঢ়িলেই ৰহা চহৰকে ধৰি সমগ্ৰ অঞ্চল বানত ডুব যাব । তৎস্বত্বেও জলসম্পদ কিম্বা লোকনিৰ্মাণ বিভাগে অদ্যপি কোনো যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাত আতংকিত হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ । লগতে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক সমালোচনা কৰিছে বিভিন্ন দল-সংগঠনে । পুনৰ বৃহত্তৰ অঞ্চলটোৰ হাজাৰ হাজাৰ জনসাধাৰণ দুৰ্যোগৰ কৱলত পৰাৰ আগতেই তৎকালীনভাৱে ইয়াৰ ব্যৱস্থা ল'বলৈ চৰকাৰক দাবী জনাইছে দল-সংগঠনে ।

আনহাতে, চাপৰমুখত যোৱা বছৰৰ বানে ভঙা মথাউৰিৰ আজিও নহ'ল মেৰামতি । ৰহাৰ চাপৰমুখ মাৰোৱাৰীপট্টীৰ মথাউৰি ভঙাৰ পিচতে প্লাবিত হৈছিল সমগ্ৰ চাপৰমুখ অঞ্চল । কিন্তু সম্পূৰ্ণ এবছৰৰ পিচতো মেৰামতি কৰা নহ'ল ভগ্ন মথাউৰিটো । কলং,কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত বৰ্তমান বিনিদ্ৰ ৰজনী অতিবাহিত কৰিছে নৈপৰীয়া ৰাইজে । বিগত বৰ্ষৰ বানৰ পিচতে উক্ত স্থানত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও সেয়াও যেন হৈ পৰিল ফুটুকাৰ ফেন । অতি শীঘ্ৰে অস্থায়ীভাৱে হ'লেও উক্ত অঞ্চলত বান প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক স্থানীয় ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক:Flood at Kampur : কপিলীৰ বাঢ়নী পানীয়ে ছিগিলে প্ৰেমজান মথাউৰি

ABOUT THE AUTHOR

...view details