অসম

assam

ETV Bharat / state

বঢ়মপুৰত পানী যোগান প্ৰকল্প উদ্বোধন মন্ত্ৰী ৰণজিৎ দাসৰ

মঙলবাৰে নগাঁৱৰ বঢ়মপুৰত জলজীৱন মিছনৰ অধীনত পানী যোগান প্ৰকল্প উদ্বোধন কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । প্ৰায় ৬৪.৮০ লাখ টকাৰ ব্যয় সাপেক্ষে সম্পূৰ্ণ কৰা হৈছে পানী যোগান প্ৰকল্পৰ কাম । বিশুদ্ধ খোৱাপানী লাভ কৰি আনন্দিত হৈ পৰিছে বঢ়মপুৰৰ বেজৰ গাঁৱৰ ৰাইজ ।

By

Published : Sep 1, 2021, 6:46 PM IST

Water supply scheme inaugurated by Ranjit kumar das at barhampur
বঢ়মপুৰত পানী যোগান প্ৰকল্প উদ্বোধন মন্ত্ৰী ৰণজিৎ দাসৰ

বঢ়মপুৰ, ১ ছেপ্টেম্বৰ: সুদীৰ্ঘ ৩০ বছৰৰ মূৰত বিশুদ্ধ খোৱাপানী লাভ কৰিলে বঢ়মপুৰৰ বেজৰ গাঁৱৰ ৰাইজে । কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জলজীৱন মিছনৰ অধীনত পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা হৈছে । মঙলবাৰে এই নৱ নিৰ্মিত প্ৰকল্প উদ্বোধন কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । পানী যোগান প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই, বিধায়ক ৰূপক শৰ্মা, বিধায়ক জিতু গোস্বামী, নগাঁৱৰ জিলা উপায়ুক্ত কবিতা পদ্মনাভনৰ উপৰিও গাঁৱৰ ৰাইজ ।

প্ৰায় ৬৪.৮০ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে পানী যোগান প্ৰকল্প । এই প্ৰকল্পটোৰ পৰা প্ৰায় ২৭০টা পৰিয়াল উপকৃত হ'ব বুলি আশা কৰা হৈছে । বছৰ বছৰ ধৰি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল গাঁওবাসীয়ে । কুঁৱা, দমকলৰ আয়ৰণযুক্ত পানীৰে ৰাইজে তৃষ্ণা নিবাৰণ কৰিবলগীয়া হৈছিল ।

বঢ়মপুৰত পানী যোগান প্ৰকল্প উদ্বোধন মন্ত্ৰী ৰণজিৎ দাসৰ

এতিয়া এই প্ৰকল্পই সকাহ দিছে ৰাইজক । আনহাতে, উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি জনস্বাস্থ্য বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ১৬৯টা প্ৰকল্প বঢ়মপুৰ অঞ্চলত ৰূপায়িত হ'ব বুলি জনায় ।

প্ৰকল্প নিৰ্মাণৰে জড়িত ঠিকাদাৰসকলক আঁচনি ৰূপায়ণত যাতে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ নকৰে তাৰ বাবে সকীয়নি দিয়ে । মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, অসমত এক লাখ সাত হাজাৰ লোকক নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হৈছে । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ পানী যোগান আঁচনিসমূহত দীৰ্ঘদিন বিনা বেতনে নিয়োজিত কৰ্মীসকলক শীঘ্ৰেই নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে ।

লগতে পঢ়ক:ৰঙা চিলিণ্ডাৰে জ্বলা কলা খুৱাইছে ৰাজ্যবাসীক

ABOUT THE AUTHOR

...view details