অসম

assam

By

Published : Jun 12, 2020, 3:10 PM IST

ETV Bharat / state

আৰক্ষীৰ নিৰ্যাতনত মৃত্যু হোৱা ফণিধৰ বৰাৰ বাসগৃহত উপস্থিত জলসম্পদ মন্ত্ৰী

পৰিয়ালৰ লোকক শোক বাৰ্তা প্ৰদান কৰাৰ লগতে এক লাখ টকাৰ আৰ্থিক সাহাৰ্য ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে ৷

Water resource minister at Phanidhar Borah's house
আৰক্ষীৰ নিৰ্যাতনত মৃত্যু হোৱা ফণিধৰ বৰাৰ বাসগৃহত উপস্থিত জলসম্পদ মন্ত্ৰী

বটদ্ৰৱা, 12 জুন: জাজৰি আৰক্ষী কনিষ্টবলৰ পাশৱিক নিৰ্যাতনত মৃত্যু হোৱা গাঁওৰক্ষী বাহিনীৰ সম্পাদক তথা একালৰ সতীৰ্থ ফণিধৰ বৰাৰ বাসগৃহত বৃহস্পতিবাৰে উপস্থিত হয় জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ৷ পৰিয়ালৰ লোকক শোক বাৰ্তা প্ৰদান কৰাৰ লগতে এক লাখ টকাৰ আৰ্থিক সাহাৰ্য ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ ওপৰিও পৰিয়ালৰ সদস্যক কৰ্মসংস্থাপন দিয়াৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷

আৰক্ষীৰ নিৰ্যাতনত মৃত্যু হোৱা ফণিধৰ বৰাৰ বাসগৃহত উপস্থিত জলসম্পদ মন্ত্ৰী

উল্লেখ্য যে,যোৱা ২ জুন তাৰিখে নিশা জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেণ্টাইন কেম্পত কৰ্তব্য পালন কৰি থকা অৱস্থাত গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফনিধৰ বৰা নামৰ লোকজনক পৰেশ শৰ্মা আৰু আতিকুৰ ৰহমান নামৰ দুই আৰক্ষীয়ে গুৰুলা গুৰুলাকৈ প্ৰহাৰ কৰিছিল ৷ ফলত চিকিৎসাধীন অৱস্থাত কাল মৃত্যুক সাৱটি ল'ব লগা হৈছিল গাঁওৰক্ষী বাহিনীৰ সম্পাদকগৰাকীয়ে ৷

লগতে পঢ়কঃ চৈধ্য দিনৰ ন্যায়িক জিম্মাত প্ৰেৰণ জাজৰি কাণ্ডৰ অভিযুক্ত দুই আৰক্ষীক

ABOUT THE AUTHOR

...view details