অসম

assam

ETV Bharat / state

অৰ্ধনিৰ্মিত শ্লুইছ গেটে বিপদত পেলাব নেকি কলিয়াবৰ বাসীক - জলসম্পদ মন্ত্ৰী

কলং সূঁতিক উজ্জীৱিত কৰাৰ লক্ষ‍্যৰে হাতীমূৰাৰ কলং মুখত শ্লুইছ গেট নিৰ্মাণৰ লেহেমীয়া কামক লৈ শংকিত কলিয়াবৰবাসী । শ্লুইছ গেটৰ বাবে কাটি থোৱা মথাউৰিৰ দুইকাষে নিৰ্মাণ কৰা 'কভাৰ ডাম' নিৰ্মাণত বিলম্ব হোৱাৰ ফলত শংকিত এতিয়া কলিয়াবৰীয়া ৰাইজ ।

কলঙৰ মুখত নিৰ্মাণ কৰা শ্লুইছ গেটক লৈ সংকিত কলিয়াবৰবাসী
কলঙৰ মুখত নিৰ্মাণ কৰা শ্লুইছ গেটক লৈ সংকিত কলিয়াবৰবাসী

By

Published : Jul 18, 2021, 8:00 PM IST

কলিয়াবৰ, 18 জুলাই : কলং (KOLONG) সূঁতিক উজ্জীৱিত কৰাৰ লক্ষ‍্যৰে কলং মুখত শ্লুইছ গেট নিৰ্মাণৰ কাম বৰ্তমানেও সম্পূৰ্ণ হোৱা নাই ৷ পূৰ্বৰ জলসম্পদ মন্ত্ৰীয়ে (Water Resource department minister) শ্লুইছ গেট তিনিমাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ ঘোষণা পাছতো বিভাগীয় হেমাহী আৰু ঠিকাদাৰৰ অকৰ্মণ‍্যতাৰ নিৰ্মাণ কাৰ্য‍ত স্থৱিৰতা আহিছে ৷ যোৱা ২৩ মে'ত সেই পৰিস্থিতি অধ‍্যয়নৰ অংশ ৰূপে মন্ত্ৰী পীযুষ হাজৰিকা (PIJUSE HAZARIKA) উপস্থিত হয় কলিয়াবৰৰ হাতীমূৰা-কুকুৰাকটা পাহাৰ সংযোগী মথাউৰিৰ (embankment) কলংমুখত । য'ত নিৰ্মাণ হৈ আছে কলঙক পুনৰ বোৱতী কৰাৰ বাবে এক শ্লুইছ গে'ট ।

পূৰ্বৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ (KESHEB MAHANTA) তথা বিভাগীয় উচ্চ পদস্থ বিষয়া আৰু নিৰ্মাণ প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰে সৈতে বোৱতী কলং আৰু শ্লুইছ গেটৰ নিৰ্মাণৰ অগ্ৰগতিৰ বিষয়ে বুজ লয় পীযুষ হাজৰিকাই । কলংমুখৰ মথাউৰিত নিৰ্মিয়মান শ্লুইছ গে'ট পৰিদৰ্শন কৰি সাংবাদিকৰে বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে কয় যে, এফালে কলঙৰ গৰাখহনীয়া ৰোধৰ বাবে প্ৰচেষ্টা চলাবলগীয়া হৈছে ৷ আনফালে আকৌ কলংখনক বোৱাই নিবলৈ খান্দিবলগীয়া হৈছে ।

কলঙৰ নিৰ্মিয়মান শ্লুইছ গেটৰ স্থান পৰিদৰ্শন কৰি কলঙৰ ভিন্ন চৰিত্ৰৰ বিষয়ে বিশ্লেষণৰ পোষকতা কৰিছিল মন্ত্ৰীগৰাকীয়ে । কলং সূঁতিক উজ্জীৱিত কৰাৰ লক্ষ‍্যৰে হাতীমূৰাৰ কলং মুখত শ্লুইছ গেট নিৰ্মাণৰ লেহেমীয়া কামক লৈ শংকিত কলিয়াবৰবাসী । শ্লুইছ গেটৰ বাবে কাটি থোৱা মথাউৰিৰ দুইকাষে নিৰ্মাণ কৰা 'কভাৰ ডাম' নিৰ্মাণত বিলম্ব হোৱাৰ ফলত শংকিত এতিয়া কলিয়াবৰীয়া ৰাইজ ।

কলঙৰ মুখত নিৰ্মাণ কৰা শ্লুইছ গেটক লৈ সংকিত কলিয়াবৰবাসী

দল-সংগঠন আৰু কলিয়াবৰৰ সংবাদকৰ্মীৰ চৰ-জমিন তদন্তত পোহৰলৈ আহিছে শ্লুইছ গেট নিৰ্মাণ কাৰ্যৰ শেহতীয়া ছবি । বিভাগীয় অমনোযোগিতা তথা ঠিকাদাৰ কামৰ লেহেমীয়া গতিত শংকিত স্থানীয় দল-সংঠন তথা সচেতন মহল । পূৰ্বৰ জলসম্পদ বিভাগৰ মন্ত্ৰীৰ কাৰ্যকাল শেষৰ ভাগত কলং সূঁতিক উজ্জীৱিত কৰাৰ লক্ষ‍্যৰে কলং মুখত আৰম্ভ হৈছিল শ্লুইছ গেট নিৰ্মাণৰ কাম । তিনি মাহত সম্পূৰ্ণ কৰাৰ ঘোষণা কৰিছিল পূৰ্বৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই । কিন্তু সেই ঘোষণাক অসাৰ কৰি বিগত ২৩ মে'ত হাতীমূৰা পৰিদৰ্শনৰ সময়ত শ্লুইছ গেট নিৰ্মাণ সম্পূৰ্ণ হ'বলৈ দুবছৰ সময় লাগিব বুলি ঘোষণা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ।

শ্লুইছ গেটৰ বাবে কাটি থোৱা মথাউৰিৰ দুইকাষে নিৰ্মাণ কৰা 'কভাৰ ডাম' নিৰ্মাণত বিলম্ব হোৱাৰ ফলত শংকিত এতিয়া কলিয়াবৰীয়া ৰাইজ । দল-সংগঠন আৰু কলিয়াবৰৰ সংবাদকৰ্মীৰ চৰ-জমিন তদন্তৰ সময়ত শ্লুইছ গেট নিৰ্মাণ কাৰ্যৰ সম্পৰ্কে দায়সৰা মন্তব্য বিভাগীয় অভিযন্তাৰ। কলং সূঁতিক উজ্জীৱিত কৰাৰ লক্ষ্যৰে হাতীমুৰাত শ্লুইছ গেট নিৰ্মাণৰ লেহেমীয়া গতিয়ে সম্প্ৰতি পুনৰ বানৰ আশংকাত কলিয়াবৰীয়া ৰাইজ ।

উল্লেখযোগ্য যে, ১৯৬৪ চনতে কলিয়াবৰৰ হাতীমূৰাত বান্ধ দিয়াৰ ফলত মৰা সুঁতিত পৰিণত হৈছিল কলং সুঁতি ৷ এই সুঁতি ব্ৰহ্মপুত্ৰ নদীৰ পৰা ওলাই নগাঁও আৰু মৰিগাঁও জিলাৰ মাজেৰে বৈ গৈ পুনৰ ব্ৰহ্মপুত্ৰ নদীত পৰিছেগৈ । ১৯৬৪ চনত নগাঁও চহৰক কলঙৰ বান পৰা ৰক্ষা কৰিবলৈ কলঙৰ মুখত মথাউৰি নিৰ্মাণেৰে এখন জীৱিত নদীক হত‍্যা কৰা হৈছিল । তাৰ পিচৰ বছৰেই এই মথাউৰিটো ভাঙি নিয়াত পুণৰ নিৰ্মাণ কৰা মথাউৰিটো ১৯৭৩ চনত ব্ৰহ্মপুত্ৰই খহাই লৈ যায় । সেই সময়তে কলঙক বোৱাই নিবলৈ এক প্ৰচেষ্টা আৰম্ভ হৈছিল ।

সেয়ে ১৯৭৪ চনত ১৪৪ ধাৰা বলৱৎ কৰিহে বৰ্তমানৰ হাতীমূৰা আৰু কুকুৰাকটা পাহাৰ সংযোগী মথাউৰি চৰকাৰে নিৰ্মাণ কৰিবলগীয়া হৈছিল । সমান্তৰালকৈ এটা পক্ষই কলংখনক বোৱাই নিয়াৰ বাবে এক নিৰৱ চেষ্টা চলাই গ'ল । বৰ্তমান চৰকাৰী পৃষ্ঠপোষকতাত তদানীন্তন জলসম্পদ মন্ত্ৰীৰ তৎপৰতাত আৰম্ভ হোৱা উজ্জীৱিত কলং আঁচনিৰ শ্লুইছ গেট নিৰ্মাণৰ গতি কিয় অস্বাভাৱিকভাবে লেহেমীয়া হ'ল, সেই লৈ এতিয়া কলিয়াবৰত চলিছে ব‍্যাপক চৰ্চা ।

লগতে পঢ়কঃ যোৰহাটবাসীৰ বাবে সকাহ: প্ৰথমবাৰলৈ হ্ৰাস ক’ভিড সংক্ৰমণৰ হাৰ

ABOUT THE AUTHOR

...view details