কলিয়াবৰ, 17 মাৰ্চ :কলিয়াবৰৰ এটা তেলডিপোত পেট্ৰ'লত পানী মিহলাই গ্ৰাহকক বিক্ৰি কৰাক লৈ বৃহস্পতিবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ(Water mixed petrol allegedly sold) । কলিয়াবৰৰ নলতলিস্থিত বেজবৰুৱা ফিলিং ষ্টেচন(Bezbarua Service Station in Kaliabor) নামৰ এটা তেল ডিপোত সংঘটিত হৈছে এই ঘটনা । তেল ডিপোৰ কৰ্মচাৰীয়ে গ্ৰাহকে গম নোপোৱাকৈ কেইবাখনো বাইকত ভৰাইছিল পানী মিহলোৱা পেট্ৰ'ল । পানী মিহলি পে’ট্ৰল ভৰোৱাৰ পাছতেই ষ্টাৰ্ট নোহোৱা হৈছিল মটৰ চাইকেলকেইখনৰ ।
পানী মিহলি ইন্ধনৰ বাবেই মটৰচাইকেল ষ্টাৰ্ট নোহোৱাৰ সন্দেহ কৰি মটৰ চাইকেলৰ টেংকিৰ পৰা তেলখিনি উলিয়াই বটলত ভৰোৱাৰ পাছতেই পোহৰলৈ আহে পেট্ৰ'লত পানী মিহলোৱাৰ তথ্য । তাৰ পিছতেই তেল ডিপোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত স্থানীয় চুলুং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয় ৷