চামগুৰি,7 মাৰ্চ: বিজেপি দলৰ চৃড়ান্ত প্ৰাৰ্থীৰ তালিকাত নগাঁও সদৰ সমষ্টিৰ বাবে বিজেপি নেতা ৰূপক শৰ্মাক মনোনীত কৰাত বিপুল আদৰণি জনাই সহস্ৰাধিক দলীয় কৰ্মী আৰু সমৰ্থকে । নগাঁৱৰ ডিমৌ চাৰিআলিৰ পৰা সমৰ্থকসকলে বাইক ৰেলীৰে আদৰি আনিলে প্ৰাৰ্থী গৰাকীক । সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ সমৰ্থক সকলে ফুলৰ মালা, ফুলাম গামোচাৰে উষ্ম আদৰণি জনাই বিজেপি জিন্দাবাদ, ৰূপক শৰ্মা জিন্দাবাদ, পুনৰ অসমত বিজেপি চৰকাৰ আদি শ্ল’গানেৰে মুখৰিত কৰি তোলে বাট-পথ ৷
ফুলাম গামোচাৰে উষ্ম আদৰণি ৰূপক শৰ্মাক - ৰূপহীহাট সমষ্টি
নগাঁও সদৰ সমষ্টিৰ বাবে বিজেপি নেতা ৰূপক শৰ্মাক মনোনীত কৰাত বিপুল আদৰণি জনাই সহস্ৰাধিক দলীয় কৰ্মী আৰু সমৰ্থকে । প্ৰাৰ্থিত্ব লাভৰ পাচতে শৰ্মাক বিশাল মটৰ চাইকেল ৰেলীৰে আদৰি আনিলে সমৰ্থকসকলে ৷
ফুলাম গামোছাৰে উষ্ম আদৰণি জনালে ৰূপক শৰ্মাক
ইফালে প্ৰাৰ্থী ৰূপক শৰ্মাই কয় যে, টিকটৰ পৰা বঞ্চিত জ্যেষ্ঠ নেতা ৰাজেন গোঁহাইৰ বাবে তেখেতে ৰাজনীতিলৈ আহিলে ৷ একেখন জিলাৰে আন এটা সমষ্টি ৰূপহীহাট সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী নাজিৰ হুছেইনে ৰূপহীহাটত অগপৰ শক্তি দুৰ্বল হোৱাৰ বাবেই বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰা বুলি মন্তব্য কৰি কয়, কংগ্ৰেছৰ নুৰুল হুদা এইবাৰ ধূলিস্যাৎ হ'ব ।
লগতে পঢ়ক:ৰঙাপৰা সমষ্টিত সমুখ সমৰত দুই প্ৰাক্তন আদিবাসী ছাত্ৰ নেতা
Last Updated : Mar 7, 2021, 10:58 AM IST