অসম

assam

ETV Bharat / state

নগাঁও জিলা পুথিভঁৰালত প্ৰাচীৰ পত্ৰিকা উন্মোচন - শ্ৰদ্ধাঞ্জলি সংখ্যা

বনহংস সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বুধবাৰে গোষ্ঠীৰ সক্ৰিয় সদস্য তথা সদ্য প্ৰয়াত অমৰনাথ বৰাৰ স্মৃতিত প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয় । বিশিষ্ট চিত্ৰশিল্পী টিকেন্দ্ৰজিৎ শইকীয়াই উন্মোচন কৰে প্ৰাচীৰ পত্ৰিকাখন ।

Wall magazine
নগাঁও জিলা পুথিভঁৰালত প্ৰাচীৰ পত্ৰিকা উন্মোচন

By

Published : Sep 30, 2021, 7:01 PM IST

নগাঁও,৩০ ছেপ্টেম্বৰ :বনহংস সাংস্কৃতিক গোষ্ঠীৰ (Banhankha Cultural group) উদ্যোগত বুধবাৰে নগাঁও জিলা পুথিভঁৰালত এখন প্ৰাচীৰ পত্ৰিকা (Wall Magazine) উন্মোচন কৰা হয় । বনহংস সাংস্কৃতিক গোষ্ঠীৰ সক্ৰিয় সদস্য তথা সদ্য প্ৰয়াত অমৰনাথ বৰাৰ শ্ৰদ্ধাঞ্জলি সংখ্যা হিচাপে এই প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰা হয় । এই প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰে বিশিষ্ট চিত্ৰশিল্পী টিকেন্দ্ৰজিৎ শইকীয়াই ।

নগাঁও জিলা পুথিভঁৰালত প্ৰাচীৰ পত্ৰিকা উন্মোচন

অনুষ্ঠানত বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা অৰূপ মান্না, বিশিষ্ট নাট্যকৰ্মী সপোনটি বৰদলৈ, জ্যেষ্ঠ সাংবাদিক মানস কুমাৰ মহন্ত, ক্ৰীড়া সংগঠক তপন দাস, জিলা পুথিভঁৰালৰ গ্ৰন্থাগাৰিক মুনীন্দ্ৰ ডেকা উপস্থিত থাকে । অনুষ্ঠানতে প্ৰাণজিৎ শইকীয়াই অমৰনাথ বৰাৰ স্মৃতিচাৰণ কৰে । প্ৰাচীৰ পত্ৰিকাখনৰ সম্পাদনা কৰিছে মুকুট ৰঞ্জন শইকীয়াই ।

উল্লেখ্য যে, যোৱা ১৪ ছেপ্টেম্বৰত অমৰনাথ বৰাৰ ক'ভিডত (Covid) আক্ৰান্ত হৈ মৃত্যু হৈছিল । তেওঁৰ ঘৰ তিনিচুকীয়া জিলাত যদিও নগাঁও জিলাৰ সৈতে তেওঁৰ অভিন্ন সম্পৰ্ক আছিল । বনহংস সাংস্কৃতিক গোষ্ঠীৰ তেওঁ প্ৰতিষ্ঠাপক সদস্য আছিল । লক ডাউনৰ সময়ত তেওঁ ফেচবুকত ৪ খনকৈ সুখপাঠ্য আৰু অভিনৱ বিষয়বস্তুৰ ওপৰত উপন্যাস লিখি জনপ্ৰিয় হৈছিল ।

লগতে পঢ়ক :নদীবান্ধৰ বিৰুদ্ধে লখিমপুৰত AJYCP ৰ অৱস্থান ধৰ্মঘট

ABOUT THE AUTHOR

...view details