অসম

assam

ETV Bharat / state

ৰহাত ভাৰতীয় নিৰ্বাচন আয়োগৰ ভোট কেন্দ্ৰ পৰ্যবেক্ষণ - ৰাজ্যিক নিৰ্বাচন আয়োগৰ এটা বিষয়াৰ দল

কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ আয়ুক্ত ধৰ্মেন্দ্ৰ শৰ্মা সহ ৰাজ্যিক নিৰ্বাচন আয়োগৰ এটা বিষয়াৰ দলে সোমবাৰে পৰিদৰ্শন কৰে ৰহাৰ ভোটকেন্দ্ৰ ৷ সমাগত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰাকৈ ভোটকেন্দ্ৰত প্ৰয়োজনীয় সকলো সা-সুবিধা আছে নে নাই সেইয়া পৰ্যবেক্ষণ কৰে দলটোৱে ৷

voting-center-observed-by-election-commission-team-at-raha-of-nagaon
ৰহাত ভাৰতীয় নিৰ্বাচন আয়োগৰ দলৰ ভোট কেন্দ্ৰ পৰ্যবেক্ষণ

By

Published : Feb 15, 2021, 5:07 PM IST

ৰহা,15 ফেব্ৰুৱাৰী: সমাগত অসম বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনলৈ মাজত মাথো এমাহ বাকী থকাৰ সময়ত এতিয়া ভীষণ ব্যস্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ লগতে নেতা-কৰ্মী সকল ৷ লগতে ব্যস্ত হৈ পৰিছে নিৰ্বাচন আয়োগ ৷ ইয়াৰ মাজতে সোমবাৰে পুৱাই কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ এটা বৃহৎ দলে পৰিদৰ্শন কৰিলে ৰহা সমষ্টিৰ বিভিন্ন ভোটকেন্দ্ৰ ৷

ৰহাত ভাৰতীয় নিৰ্বাচন আয়োগৰ দলৰ ভোট কেন্দ্ৰ পৰ্যবেক্ষণ

ৰাজ্যিক নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী বিষয়া নিতিন খাৰে, আদিল খান, নগাওঁ জিলাৰ উপায়ুক্ত আৰু কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ আয়ুক্ত ধৰ্মেন্দ্ৰ শৰ্মাই ভোটকেন্দ্ৰসমূহৰ পোহৰ, পানীযোগান, শৌচাগাৰ, স্নানাগাৰ তথা কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি পৰ্যবেক্ষণ কৰি পৰিৱেশৰ বুজ লয় ৷

লগতে পঢ়কঃবিজেপিৰ প্ৰতি মোহভংগ হৈছে সংখ্যালঘুৰ: প্ৰশান্ত কুমাৰ বৰুৱা

ABOUT THE AUTHOR

...view details