নগাঁও/ ৰহা, 6 আগষ্ট :বিগত কেবাদিন ধৰি সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত এখন ছবি ৷ এটি কণমানিয়ে দৃষ্টিহীন পিতৃ-মাতৃক আঙুলিত ধৰি দেখুৱাইছে জীৱনৰ বাট ৷ যি দৃশ্যই হৃদয় চুই গৈছে বহুতৰে (Viral blind family in Nagaon) ৷ তেওঁ যেন আজিৰ যুগৰ শ্ৰৱণ কুমাৰ ৷ ৰহাৰ 5 বছৰীয়া এই শিশুটিৰ নাম ৰাহুল হীৰা ৷ এই দৃষ্টিহীন পৰিয়ালটো নগাঁও জিলাৰ ৰহাৰ দীঘলদৰিৰ । এই পাঁচবছৰীয়া কণমানিয়েই হৈছে পৰিয়ালটোৰ শেষ ভৰষা ।
জন্মৰ সাত বছৰ বয়সতে দৃষ্টি শক্তি হেৰুৱাইছিল ভগেন হীৰাই ৷ তাৰ পাচৰ পৰাই আনৰ আশ্ৰয় লৈ চলা-ফুৰা কৰিব লগাত পৰিছিল ৷ সময় বাগৰিল ৷ ভগেন হীৰাই পাণি গ্ৰহণ কৰিছিল দৃষ্টিহীন কেতেকী বনিয়াৰ ৷ তাৰ পাচতেই যেন ভগৱানৰ দূত হৈ তেওঁলোকৰ জীৱনলৈ আহিল ৰাহুল ৷