অসম

assam

ETV Bharat / state

চৰকাৰী নিৰ্দেশনাকো গুৰুত্ব নিদিয়ে বটদ্ৰৱাৰ পাইকাৰী মাছ ব্যৱসায়ীয়ে

মহামাৰী ক'ৰণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি নিৰ্দেশনাকো ভ্ৰুক্ষেপ নকৰে একাংশই । গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ থানৰ প্ৰৱেশ পথতে বহা মাছৰ পাইকাৰী বজাৰত এতিয়া বৃহৎ জনসমাগম ৷ নাই কাৰোৰে মাজত কোনো সামাজিক দূৰত্ব,পৰিধান নকৰে মাস্ক । নীৰৱ দৰ্শকৰ ৰূপত স্থানীয় প্ৰশাসন,আৰক্ষী ।

By

Published : Jul 19, 2020, 8:35 PM IST

violation of social distancing at batadrava
চৰকাৰী নিৰ্দেশনাকো গুৰুত্ব নিদিয়ে বটদ্ৰৱাৰ পাইকাৰী মাছ ব্যৱসায়ীয়ে

বটদ্ৰৱা, ১৯জুলাই : মহাপুৰুষ গুৰুজনাৰ জন্মস্থানৰ প্ৰৱেশ পথটোৰ গাতে লাগি থকা মাছৰ পাইকাৰী বজাৰত নিতৌ পুৱা আৰু বিয়লি বৃহৎ জন সমাগম । লক ডাউনৰ নীতি নিৰ্দেশনাক অংগুষ্ঠ দেখুৱাই জনসমাগমৰ মাজত দৈনিক চলিছে মাছৰ বজাৰ । নাই কোনো সামাজিক দূৰত্ব । ক্ৰেতা বিক্ৰেতা কোনোৱেই পৰিধান নকৰে মাস্কখনো । এনে অৱস্থাত ক'ৰণাৰ গণ সংক্ৰমণৰ ভয়ত থানলৈ আগমন ঘটা ভকত বৈষ্ণৱ সকলৰ মাজতো সৃষ্টি হৈছে আতংকৰ ।

চৰকাৰী নিৰ্দেশনাকো গুৰুত্ব নিদিয়ে বটদ্ৰৱাৰ পাইকাৰী মাছ ব্যৱসায়ীয়ে

নগাঁও জিলা প্ৰশাসনৰ কঠোৰ নিষেধাজ্ঞা থকাৰ পিছতো বটদ্ৰৱা আৰক্ষীৰ চকীৰ পৰা মাত্ৰ ১০০ মিটাৰ নিলগতে দৈনিক হৈছে শ শ লোকৰ জন সমাগম । এই লৈ অঞ্চলটোতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ইতিমধ্যে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে নগাঁও জিলা প্ৰশাসনক মাছৰ এই পাইকাৰী বজাৰ সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰিছে । কিন্তু বটদ্ৰৱা আৰক্ষীয়ে অভিযোগ পোৱাৰ পিছতো নীৰৱ দৰ্শক হৈ বজাৰখন চলিবলৈ সুযোগ দিয়া পৰিলক্ষিত হৈছে ।

আটাইতকৈ ভয়ংকৰ দিশটো হল,এই মাছৰ বজাৰখনৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰত্বত থকা বটদ্ৰৱা শংকৰদেৱ মহাবিদ্যালয়ত স্থাপন কৰা হৈছে এটা কোৱাৰেণ্টাইন শিবিৰ । ইয়াৰ পিছতো নিতৌ পুৱা আৰু বিয়লি ব্যৱসায়ী সকলে কেনেকৈ এই বজাৰখন চলাই যাবলৈ সক্ষম হৈছে সেই লৈ উত্থাপন হৈছে প্ৰশ্ন ।

চৰকাৰী নিৰ্দেশনাকো গুৰুত্ব নিদিয়ে বটদ্ৰৱাৰ পাইকাৰী মাছ ব্যৱসায়ীয়ে

উল্লেখনীয় যে এপষেক পূৰ্বে বটদ্ৰৱা থানৰ সন্মুখৰ এজন হোটেল ব্যৱসায়ীৰ দেহত ক'ভিড-১৯ৰ ভাইৰাছ ধৰা পৰিছিল । তাৰ পিছতো স্থানীয় প্ৰশাসনে এই মাছৰ বজাৰখন বন্ধ নকৰাৰ ফলত এক প্ৰত্যাহ্বানৰ যে সন্মুখীন হ'ব লাগিব সেইয়া প্ৰায় নিশ্চিত ।

ABOUT THE AUTHOR

...view details