অসম

assam

ETV Bharat / state

কলিয়াবৰত নিৰ্বাচনী নীতি-নিৰ্দেশনা পালনত গাফিলতি - Hoarding, Banners Still Hanging Around Kaliabor

নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতো কলিয়াবৰত ওলমি থাকিল প্ৰধানমন্ত্ৰী-মুখ‍্যমন্ত্ৰীৰ ফটো সম্বলিত চৰকাৰী হ'ৰ্ডিং । প্ৰশাসনে সঠিকভাৱে নিৰ্বাচনী নীতি-নিৰ্দেশনা পালন নকৰাৰ অভিযোগ উত্থাপন হৈছে ।

কলিয়াবৰত নিৰ্বাচনী নীতি-নিৰ্দেশনা পালনত গাফিলতি
কলিয়াবৰত নিৰ্বাচনী নীতি-নিৰ্দেশনা পালনত গাফিলতি

By

Published : Mar 4, 2021, 7:40 PM IST

কলিয়াবৰ,৪মাৰ্চ: নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসন কঠোৰ হোৱা পৰিলক্ষিত হৈছে । ৰাজনৈতিক নেতাৰ ফটো সম্বলিত বেনাৰ আদি আঁতৰোৱা হৈছে বিভিন্ন অঞ্চলত । কিন্তু এতিয়া বহু স্থানত চৰকাৰী আঁচনি আৰু বিজ্ঞাপন লগতে নেতাৰ ফটো সম্বলিত বেনাৰ ওলমি আছে । কলিয়াবৰ মহকুমাত নিৰ্বাচনকলৈ প্ৰশাসনৰ তৎপৰতা বৃদ্ধি হৈছে যদিও এতিয়াও কলিয়বৰত বিভিন্ন স্থানত চৰকাৰী গুণ-গান গোৱা বিজ্ঞাপনৰ বেনাৰ-হৰ্ডিং ওলমি থকা দেখা গৈছে ।

কলিয়াবৰত নিৰ্বাচনী নীতি-নিৰ্দেশনা পালনত গাফিলতি

কলিয়াবৰৰ চতিয়ালস্থিত অনুপমা চাৰ্ভিচ ষ্টেচন নামৰ পেট্ৰ'ল পাম্পৰ চৌহদত প্ৰধানমন্ত্ৰীৰ ছবি সম্বলিত বিজ্ঞাপন আৰু জখলাবন্ধা ৰে'ল ষ্টেচনতো প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ‍্যমন্ত্ৰীৰ ছবি সম্বলিত বিজ্ঞাপন ওলমি থকাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:তিনিচুকীয়াত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details