অসম

assam

ETV Bharat / state

Village without electricity : বিদ্যুতৰ খুঁটা-ট্ৰেন্সফৰ্মাৰ থাকিও নাই বিদ্যুৎ - Power minster Bimal Bora

স্বৰাজোত্তৰ ভাৰতৰ দশকৰ পিছত দশক পাৰ হৈ গ’ল যদিও নগাঁও জিলাৰ কঠিয়াতলী বৰকন্দলী গাঁৱৰ ৰাইজে পোৱা নাই বিদ্যুতৰ পোহৰ (No electricity even after 74 years of Independence) । বিদ্যুতৰ খুঁটা, তাঁৰ, ট্ৰেন্সফৰ্মাৰ সকলো থকাৰ পিছতো গাঁওবাসীয়ে বিদ্যুৎ সংযোগ নোপোৱাৰ কাৰণ শুনিলে চকু কপালত উঠিব আপোনাৰো । সবিশেষ জানো আহক ৷

village-with-no-electricity-connection-even-when-electric-post-transformers-are-there
village with no electricity connection: বিদ্যুতৰ খুঁটা, ট্ৰেন্সফৰ্মাৰ থাকিও নাই বিদ্যুৎ

By

Published : Nov 26, 2021, 9:06 PM IST

বঢ়মপুৰ, 26 নৱেম্বৰ :মন্ত্ৰী বিমল বৰাই(Power minster Bimal Bora) দায়িত্ব লোৱাৰে বিভিন্ন সময়ত ইতিবাচক তথা নেতিবাচক দুয়োটা দিশতে চৰ্চাত আছে ৰাজ্যৰ বিদ্যুৎ বিভাগ(Assam state electricity board) ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে বিভাগটোৰ কিছু নাভূত নাশ্ৰুত কাণ্ড । জানিব পৰা মতে, নগাঁও জিলাৰ কঠিয়াতলী বৰকন্দলী গাঁৱত বিদ্যুতৰ খুঁটা, তাঁৰ, ট্ৰেন্সফৰ্মাৰ সকলো আছে । পিছে এই সকলোবোৰ এতিয়া ফুলদানিৰ দৰেহে ওলমি থকা দেখা গৈছে গাঁওখনত(Village with no electricity connection) ।

স্বৰাজোত্তৰ ভাৰতৰ দশকৰ পিছত দশক পাৰ হৈ গ’ল যদিও গাঁওবাসীয়ে পোৱা নাই বিদ্যুতৰ পোহৰ । পিছে কাহিনী ইমানতে সমাপ্ত নহয় ৷ গাঁও খনত বিদ্যুতৰ পোহৰ নপৰাৰ কাৰণ শুনিলে চকু কপালত উঠিব আপোনাৰো । গাঁওবাসীৰ অভিযোগ অনুসৰি, বিদ্যুৎ বিভাগৰ ইঞ্জিনিয়াৰে প্ৰতিটো পৰিয়ালৰ পৰা এতিয়া বিচাৰিছে ৮ ৰ পৰা ১০ হাজাৰকৈ টকা ।

Village with no electricity connection: বিদ্যুতৰ খুঁটা, ট্ৰেন্সফৰ্মাৰ থাকিও নাই বিদ্যুৎ

কিন্তু গাঁও খনৰ দৰিদ্ৰ পৰিয়াল সমূহে টকা দিব নোৱাৰাৰ বাবেই বিগত ১০ বছৰ ধৰি সকলো থকাৰ পাছতো টিপচাকিৰ পোহৰত জীৱন অতিবাহিত কৰিব লগা হৈছে তেওঁলোকে ।

এতিয়া চৰ্চাৰ বিষয় হৈছে যে চৰকাৰৰ কোনো আঁচনিয়ে স্পৰ্শ নকৰা কঠিয়াতলী বৰকন্দলী গাঁৱত সততে পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰ খনে পোহৰ দিয়াৰ ব্যৱস্থা কৰিব পাৰিবনে নোৱাৰে । বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ দ্ৰুত উন্নয়নৰ সময়ত টিপ চাকিৰ পোহৰতেই দুৰ্বিসহ জীৱন কটাব লগীয়া হোৱাত এতিয়া ক্ষোভিত হৈ পৰিছে গাঁওবাসী ৷

লগতে পঢ়ক :বিভিন্ন দাবীৰে বিভাগীয় সঞ্চালকলৈ স্মাৰক পত্ৰ প্ৰেৰণ অংগনৱাড়ী সহায়িকা ইউনিয়নৰ

ABOUT THE AUTHOR

...view details