অসম

assam

ETV Bharat / state

ৰূপহীহাটৰ তিনিচুকীয়াৰ এখন ৰাজ্যিক পশু চিকিৎসালয়ৰ দুৰৱস্থা - তিনিচুকীয়া

মাত্ৰ কেইবছৰ মানৰ পূৰ্বে কেইবালাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা ৰূপহীহাটৰ তিনিচুকীয়াৰ এখন পশু চিকিৎসালয় পৰিণত হৈছে গৰুৰ গোহালিলৈ ৷ চিকিৎসালয়খনৰ কাৰ্যালয় আৰু আবাসগৃহ সমূহ জহি খহি যোৱাৰ লগতে হাবি জংঘলেৰে ভৰি পৰি ভূত বাংলাত পৰিণত হোৱাত চৰকাৰ কিম্বা জনপ্ৰতিধিয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে ৷

ৰূপহীহাটৰ তিনিচুকীয়াৰ এখন ৰাজ্যিক পশু চিকিৎসালয়ৰ দুৰৱস্থা
ৰূপহীহাটৰ তিনিচুকীয়াৰ এখন ৰাজ্যিক পশু চিকিৎসালয়ৰ দুৰৱস্থা

By

Published : Jan 20, 2021, 2:17 PM IST

Updated : Jan 20, 2021, 2:25 PM IST

নগাঁও, 20 জানুৱাৰী:আছে গৰু নাবাই হাল,থকাতকৈ নথকাই ভাল। এই বাক্য শাৰীয়েই যেন প্ৰতিফলিত হৈছে ৰূপহীহাটৰ তিনিচুকীয়াৰ এখন পশু চিকিৎসালয়ত ৷ মাত্ৰ কেইবছৰ মানৰ পূৰ্বে কেইবালাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা পশু চিকিৎসালয়খন পৰিণত হৈছে গৰুৰ গোহালিলৈ ৷ দীৰ্ঘ দিনৰ পৰা জৰাজীৰ্ণ অৱস্থাত পৰি আছে ৰূপহীহাটৰ একমাত্ৰ পশু চিকিৎসালয়খন ৷ বহু দূৰ দূৰণিৰ অঞ্চলৰ পৰাও পশু চিকিৎসাৰ বাবে চিকিৎসালয়খনলৈ লোক আহে যদিও এজন চিকিৎসকৰ বাহিৰে অন্য কোনো কৰ্মচাৰী নাথাকে চিকিৎসালয়খনত ৷

ৰূপহীহাটৰ তিনিচুকীয়াৰ এখন ৰাজ্যিক পশু চিকিৎসালয়ৰ দুৰৱস্থা

চিকিৎসালয়খনৰ কাৰ্যালয় আৰু আবাসগৃহ সমূহ জহি খহি যোৱাৰ লগতে হাবি জংঘলেৰে ভৰি পৰি ভূত বাংলাত পৰিণত হৈছে ৷ ৰ'দ বৰষুণক নেওচি এজন চিকিৎসকে গোহালি সদৃশ পৰিৱেশতেই প্ৰদান কৰি আহিছে চিকিৎসা সেৱা ৷ গৰু-ছাগলীৰ চিকিৎসাৰ বাবে কোনো পৰিৱেশ নথকা চিকিৎসালয় খনৰ উন্নয়নৰ বাবে বাৰাম্বাৰ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাই আহিছে যদিও চৰকাৰ কিম্বা জনপ্ৰতিধিয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে ৷

লগতে পঢ়ক:ভাত খোৱাৰ পূৰ্বে হিমন্ত বিশ্বই তিনিবাৰ আজমলৰ নাম জপ কৰে !

Last Updated : Jan 20, 2021, 2:25 PM IST

ABOUT THE AUTHOR

...view details