কলিয়াবৰ,8 নৱেম্বৰঃ১৫৮ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা ৩২ সংখ্যক সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাত স্ব-প্ৰতিভাৰে উজ্বলিল ৫৫ বছৰীয়া এগৰাকী প্ৰৱীণ দৌৰবিদে। বৃত্তিত এগৰাকী শিক্ষক, জাগীৰোডৰ দেৱকান্ত বৰদলৈয়ে সম্পূৰ্ণ কৰিলে ৪২ কিলোমিটাৰ দূৰত্বৰ মাৰাথন দৌৰ। প্ৰতিযোগিতা খনিৰ সবাতোকৈ বৰ্ষীয়ান প্ৰতিযোগীৰূপে অংশগ্ৰণ কৰাতোয়েই আছিল এক ব্যতিক্ৰম। কিন্তু এই ব্যতিক্ৰমক আশ্চৰ্য্যলৈ ৰূপান্তৰিত কৰি দীৰ্ঘ দূৰত্বৰ দৌৰ সম্পূৰ্ণ কৰি প্ৰমাণ কৰিলে বয়স মাথো এটা সংখ্যাহে।
বয়সেও হাৰ মনাব নোৱাৰা এগৰাকী ব্যক্তিৰ চমক - দেৱকান্ত বৰদলৈয়ে
জাগীৰোডৰ এগৰাকী দৌৰবিদে প্ৰমাণ কৰিলে বয়স মাত্ৰ এটা সংখ্যা ৷ বয়সে হাৰ মনাব নোৱাৰা ৫৫ বছৰীয়া দেৱকান্ত বৰদলৈয়ে সম্পূৰ্ণ কৰিলে মাৰাথন ৷
সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাত দৃষ্টি আকৰ্ষণ কৰিলে এজন প্ৰৱীণ দৌৰবিদে
মৰিগাঁও জিলাৰ জাগীৰোডৰ নিবাসী দেৱকান্ত বৰদলৈ নামৰ শিক্ষক গৰাকীয়ে নৱপ্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰিবলৈকে এনেদৰেই বহু প্ৰতিযোগিতাত ভাগ লৈ আহিছে । এগৰাকী প্ৰৱীণ খেলুৱৈ হিচাবে অসম তথা দেশৰ নানান স্থানত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুখ্যাতি লাভ কৰি আহিছে বৰদলৈয়ে । নতুন প্ৰজন্মক এনেদৰেই উৎসাহিত কৰাৰ লক্ষ্যৰে ভৱিষ্যতেও এনে কাৰ্য্য ব্ৰতী হোৱাৰ আশা জীয়াই ৰাখিছে প্ৰৱীণ ক্ৰীড়াবিদ গৰাকীয়ে।
লগতে পঢ়কঃ আগন্তুক নিৰ্বাচনত চুতীয়া প্ৰাৰ্থীৰ দাবী চুতীয়া জাতি সন্মিলনৰ