নগাঁও, 14 ডিচেম্বৰ :বজাৰত এতিয়া পাচলি উভৈনদী ৷ কবি, বেঙেনা, বিলাহী, মূলা, ৰঙালাও, গাজৰ, বীন আদি হৰেক ৰকমৰ পাচলি উপলব্ধ হৈছে ৰাজ্যৰ পাচলি বজাৰত ৷ পিচে মোনা ভৰাই কিনিবহে গ্ৰাহকে ৷ কাৰণ পাচলিৰ জুই চাই দাম (Price rise of vegetable in Assam) ৷ মোনাখন হাতত লৈ বজাৰলৈ গৈ গ্ৰাহকে এশবাৰ চিন্তা কৰিবলগীয়া হয় কি কিনিব কি এৰিব ৷ পিচে দাম হ’লেও পেটটোতো ভৰাবই লাগিব ৷
বজাৰত অধিক দামত বিক্ৰী হোৱা পাচলিৰ কিন্তু উচিত মূল্য নাপায় উৎপাদনকাৰী কৃষকে (Farmers deprive with product value in Assam)৷ পানীৰ দৰত পাইকাৰীভাৱে পাচলি বিক্ৰী কৰিব লগীয়া হৈছে কৃষকে ৷ প্ৰায় 20 কিমি দূৰত্বত অৱস্থিত দুখন বজাৰৰ পাচলিৰ দামৰ পাৰ্থক্যই ইয়াৰ উদাহৰণ দাঙি ধৰিছে ৷ বজাৰ দুখন হৈছে নগাঁও জিলাৰ ৷ নগাঁৱৰ ধিঙৰ খুচুৰা পাচলি বজাৰত কেঁচা জলকীয়া বিক্ৰী হয় মাত্ৰ ১০-১৫ টকা প্ৰতি কেজিত । কিন্তু একে জলকীয়া নগাঁও চহৰৰ বজাৰত বিক্ৰী হয় অধিক দামত ৷
কোনে হৰলুকি কৰে কৃষকৰ লভ্যাংশ ? নগাঁৱৰ ধিং, ডুমডুমীয়া, জুৰীয়া, ৰূপহী আদিৰ পৰা পাচলি ৰপ্তানি হয় ৰাজ্যৰ আন কেইবাখনো জিলালৈ (Vegetable export from Nagaon) ৷ কপালৰ ঘাম মাটিত পেলাই জলকীয়া, আলু, বিলাহীকে ধৰি বিভিন্ন পাচলি উৎপাদন কৰি বজাৰত বিক্ৰী কৰে চৰ অথবা গ্ৰাম্যাঞ্চলৰ কৃষকে । কিন্তু সেই পাচলি পানীৰ দৰত বেচিব লগীয়া হোৱাত উপযুক্ত মূল্য লাভৰ পৰা বঞ্চিত হৈছে তেওঁলোক ৷
বজাৰ আৰু কৃষকৰ মাজৰ সংযোগস্থলতে নোহোৱা হৈ পৰে কৃষকৰ লভ্যাংশ ৷ একমাত্ৰ মধ্যভোগীৰ বাবেই বজাৰত অধিক দামত পাচলি বিক্ৰী হ’লেও প্ৰকৃত কৃষকে উচিত মূল্য নোপোৱাৰ অভিযোগ উত্থাপন হৈছে (Middleman extract the proffit of farmers)। কিন্ত এই ক্ষেত্ৰত নিমাত সকলো ৷ একপ্ৰকাৰ নীৰৱ হৈ আছে দল সংগঠনো । এতিয়া প্ৰশ্ন হয়, মধ্যভোগীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি বজাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব নে ৰজাঘৰীয়া ৷ সেয়া ডাঙৰ প্ৰশ্ন ৷
লগতে পঢ়ক :Manohari Gold tea: প্ৰতি কিলোগ্ৰামত 99,999 টকা মূল্যত বিক্ৰী হ’ল অসমৰ চাহ