ধিং,20 ফেব্ৰুৱাৰী: বজাৰৰ অভাৱত বিঘাই বিঘাই গেলিছে শাক-পাচলিৰ খেতি ৷ ধিঙৰ স্থানীয় বজাৰত পানীৰ দৰত বিক্ৰী হৈছে শাক-পাচলি । কপালৰ ঘাম মাটিত পেলাই কৰা খেতি ডৰাত এৰি দিব লগাত পৰিছে এতিয়া গৰু-ছাগলী ৷ বিশেষকৈ ধিঙৰ কৃষক সকলৰ মাজত লাগিছে এতিয়া হাহাকাৰ ৷
এখন বিশেষ বজাৰত পানীৰ দৰত বিক্ৰী হৈছে শাক-পাচলি ৰাজ্যৰ বিভিন্ন বজাৰত গ্ৰাহকে বস্তুৰ অভাৱনীয় হাৰত ক্ৰয় কৰি থকাৰ সময়তেই ধিঙৰ পাৰ্শ্বৱৰ্তী ব্ৰহ্মপুত্ৰৰ চৰ চাপৰি অঞ্চল সমূহৰ কৃষক ৰাইজে কপালৰ ঘাম মাটিত পেলাই অতি কষ্টৰে উৎপাদন কৰা শাক-পাচলি বিক্ৰী কৰিব নোৱাৰি গৰু ম'হক খুৱাবলগীয়া পৰিস্থিতিত পৰিছে ৷ ধিঙৰ বজাৰ সমূহত পাচলি ওজনত বিক্ৰী কৰা নহয় । বিক্ৰী হয় বস্তাই প্ৰতি ৷
বিঘাই বিঘাই গেলিছে শাক-পাচলিৰ খেতি আনকি পাচলি বিক্ৰী কৰিব নোৱাৰি বজাৰতে বস্তাই বস্তাই পাচলি পেলাই থৈ আহিব লগা পৰিলক্ষিত হৈছে ৷ পাইকাৰী মূল্যত প্ৰতি কেজি বিলাহী-বেঙেনাৰ মূল্য ৫০ পইচাৰ পৰা ১ টকা, বন্ধাকবি ৫০ পইচা, আলু ৩ টকাৰ পৰা ৫ টকা, ৰঙালাও ২ টকা লৈ হ্ৰাস হোৱা পৰিলক্ষিত হৈছে ৷
দীৰ্ঘ দিনীয়া লক ডাউন আৰু শাক পাচলিৰ মূল্য হ্ৰাস হোৱাৰ বাবে এই কৃষক সকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে । দিশহাৰা হৈ পৰিছে এতিয়া এই কৃষক সকল । সেয়ে কৃষক ৰাইজে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সহায় বিচাৰিছে ।
লগতে পঢ়কঃশীঘ্ৰে বিবাহপাশত আৱদ্ধ হ’ব দিয়া মিৰ্জা