নগাঁও, 9 ছেপ্টেম্বৰ :শনিবাৰে নগাঁও প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ আয়োজন কৰি শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে জাতীয় সংগঠন বীৰ লাচিত সেনা । বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ প্ৰকাশ বৰুৱাই সংবাদ মেল সম্বোধন কৰি চৰকাৰৰ বিৰুদ্ধে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে । বিশেষকৈ এক দেশ এক নির্বাচনৰ বিৰোধিতা কৰি বীৰ লাচিত সেনাৰ নেতা প্ৰকাশ বৰুৱাৰ মন্তব্য ।
এক দেশ এক নিৰ্বাচনে অসমীয়া ভাষা-কৃষ্টি-সংস্কৃতি সভ্যতা সকলো ধ্বংস কৰিব । পৰৱৰ্তী সময়ত দিল্লীৰ প্ৰভুত্ব অসমৰ ৰাজনীতিত বৃদ্ধি পাব বুলিও আশংকা প্ৰকাশ কৰি বীৰ লাচিত সেনাৰ নেতাৰ মন্তব্য । অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ হাতৰ পুতলাত পৰিণত হ’ব । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সংবিধান সলনি কৰিব বিচাৰিছে বুলিও মন্তব্য কৰে বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে ।
আনহাতে ৰাজ্যখনতে বনজ সম্পদৰ ধ্বংসযজ্ঞ চলাৰো অভিযোগ উত্থাপন কৰি নগাঁও বন বিভাগৰ নিষ্ক্রিয়তাৰ সুযোগ লৈ একাংশ বন আৰু শিল মাফিয়াই অবাধে নগাঁওৰ বনজ আৰু প্ৰাকৃতিক সম্পদ সমূহ ধ্বংস কৰা বুলিও বিস্ফোৰক মন্তব্য কৰে সংগঠনটোৰ নেতা প্ৰকাশ বৰুৱাই । বিষয়াৰ পৰা বিভাগীয় বনমন্ত্ৰীলৈ সকলো কাঠ আৰু শিল মাফিয়াৰে মিতিৰালি কৰাৰো অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ।