ৰূপহীহাট, ২১ আগষ্ট: অসমতে অসমীয়াৰ অস্তিত্ব বিপন্ন কৰাৰ চেষ্টা কৰা নগাঁৱৰ জুৰীয়াৰ মৰাপাট নিগমৰ বঙালী ভাষী বিষয়াৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছে ৰাজ্যবাসী । এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন দল-সংগঠনে । জুৰীয়াৰ মৰাপাট নিগমৰ বঙালী ভাষী বিষয়া সঞ্জয় কুমাৰ বৰ্মন আৰু শিৱকুমাৰ জানাই দুগৰাকী অসমীয়া মহিলাক বঙালী ভাষা ক'বলৈ হেঁচা প্ৰয়োগ কৰি আহিছিল । তেওঁলোকে বঙালী ভাষা নোকোৱাৰ বাবে জাননী নিদিয়াকৈ কামৰ পৰা আঁতৰ কৰাৰো পৰিকল্পনা কৰিছিল বুলিও অভিযোগ উত্থাপিত হৈছে ।
শনিবাৰে এই মহিলা দুগৰাকীৰ জুৰীয়াস্থিত বাসগৃহত উপস্থিত হয় বীৰ লাচিত সেনা অসমৰ এটা প্ৰতিনিধি দল । প্ৰথমে জুৰীয়া তেলিয়া বেবেজীয়া গাঁৱৰ এই মহিলা দুগৰাকীক তেওঁলোকৰ বাসগৃহতে সাক্ষাৎ কৰি ঘটনাৰ বুজ লয় । ইয়াৰ পিছত বীৰ লাচিত সেনা অসমৰ সাংগঠনিক সম্পাদক ৰিতুঞ্জয় তামুলী, সংগঠনটোৰ আই টি কোষৰ মুৰব্বী অভিলাষ বৰা, গোলাঘাট জিলা সমিতিৰ মুখ্য সাংগঠনিক সচিব দিপু হাজৰিকাৰ লগতে নগাঁও জিলাৰ উৎপল বৰা আৰু হাতীচুং বীৰ লাচিত সেনাৰ সদস্য় প্ৰদীপ বৰা, গণেশ বৰাসহ এই প্ৰতিনিধি দলটোৱে জুৰীয়া মৰাপাট নিগমৰ কাৰ্যালয়ত উপস্থিত হৈ বিক্ষোভ প্ৰদৰ্শন কৰে ।