নগাঁও, 18 আগষ্ট : থলুৱা মাছ । বজাৰত থলুৱা মাছ দেখিয়েই হয়তো কিনিবলৈ মন যায় আপোনাৰ । আপুনি ভাৱিলে আচৰিত হ'ব ! মাছৰ ওজন বৃদ্ধি কৰিবলৈ প্ৰয়োগ কৰা হয় ৰাসায়নিক সাৰ ।
নগাঁৱৰ জুৰীয়াৰ এক ভিতৰুৱা অঞ্চলত ই টি ভি ভাৰতৰ এক অনুসন্ধানত পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য । তথ্য অনুসৰি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি মৎস্য উৎপাদন কৰি বিভিন্ন বজাৰত বিক্ৰী কৰি আহিছে এনে একাংশ ব্যৱসায়ীয়ে । যাৰ বাবে অধিক দামত থলুৱা মাছ ক্ৰয় কৰিও সাৰমুক্ত মাছ খোৱাৰ পৰা বঞ্চিত হবলগীয়া হৈছে সৰ্বসাধাৰণ।
একপ্ৰকাৰ সাধাৰণ লোকক ৰামঠগন দি সাৰযুক্ত মাছ বিক্ৰী কৰি আহিছে এনে একাংশ মৎস্য ব্যৱসায়ীয়ে । মাছৰ ওজন বৃদ্ধি কৰিবলৈ পুখুৰীত কি কি সাৰ ব্যৱহাৰ কৰে সেই কথা জানিলে হয়তো আপুনি ভয় খাব ৷ মাছৰ ওজন বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হয় ইউৰিয়া ৷
থলুৱা মাছৰ নামত আপুনি খাইছে বৰবিহ ! লগতে পঢ়ক:পুনৰ কাৰ্যক্ষম হৈ উঠিছে শিলঘাটস্থিত অসম সমবায় মৰাপাট কল
অৱশ্যে গ্ৰামাঞ্চলৰ বহু কৃষিজীৱী লোকেই সৎ উপায়েৰে এতিয়া মৎস্য পালনৰ জৰিয়তে স্বাৱলম্বীতাৰ পথ বাছি লৈছে । এয়া নিশ্চিতভাৱেই এক ভাল খবৰ । কিন্তু ইয়াৰ মাজতে একাংশ মৎস্য পালন সহজতে অৰ্থ উপাৰ্জনৰ লুভত অৱলম্বন কৰিছে অসৎ উপায় ৷
বজাৰত লোকেল মাছৰ চাহিদা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি একাংশ এনে অসাধু লোকে মাছৰ ওজন বৃদ্ধি কৰাৰ বাবে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা কাৰ্যই সংগ্ৰে নগাঁৱতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ লোকেল মাছৰ নামত সাধাৰণ লোকে এতিয়া ভক্ষণ কৰি আহিছে বৰবিহ ৷
থলুৱা মাছৰ নামত গ্ৰাহকক বৰবিহ যোগান ধৰি অহা এই সকল অসাধু মীন পালকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্যৰ মীন বিভাগে ? এই অসৎ পন্থা অৱলম্বন কৰা সকলৰ বিৰুদ্ধে ৰাজ্যৰ মীন বিভাগৰ লগতে স্থানীয় প্ৰশাসনে কেনে পদক্ষেপ হয়, সেয়া হ’ব মন কৰিব লগীয়া ?
লগতে পঢ়ক:ভয়াৱহ সংকটত পৰিবহণ খণ্ডৰ লগত জড়িত ২২ লাখ লোক