অসম

assam

ETV Bharat / state

দুৰ্গ অটুট থাকিবনে মহন্তৰ ? - upcoming election situtuion in barhamopur

সলনি হোৱাৰ দিশে বঢ়মপুৰ সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট ৷ নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা সময়তে সকলো ৰাজনৈতিক দলৰ লগতে বঢ়মপুৰ সমষ্টিৰ বিভিন্ন চুকে-কোণে সোমাই পৰিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুৰেশ বৰা ৷ তদুপৰি বহুকেইজন অগপ কৰ্মীয়ে যোগদান কৰিছে কংগ্ৰেছত ৷

সলনিৰ সম্ভাৱনা বঢ়মপুৰত নিৰ্বাচনীৰ সমীকৰণ
সলনিৰ সম্ভাৱনা বঢ়মপুৰত নিৰ্বাচনীৰ সমীকৰণ

By

Published : Mar 4, 2021, 12:19 PM IST

Updated : Mar 4, 2021, 5:23 PM IST

বঢ়মপুৰ,4 মাৰ্চঃ সলনি হোৱাৰ দিশে বঢ়মপুৰ সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট ৷ বঢ়মপুৰ সমষ্টিত চলিছে প্ৰফুল্ল মহন্ত হাতাও অভিযান ৷ বিগত ৩০ বছৰে বিভিন্ন পদবী লৈ অগপ ভেটি শক্তিশালী কৰা বহু পুৰণি কৰ্মীয়ে অগপ এৰি যোগদান কৰিছে কংগ্ৰেছ দলত ৷

নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা সময়তে সকলো ৰাজনৈতিক দলৰ লগতে বঢ়মপুৰ সমষ্টিৰ বিভিন্ন চুকে-কোণে সোমাই পৰিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুৰেশ বৰা ৷ বুধবাৰে কামপুৰ নগৰৰ প্ৰতিটো ৱাৰ্ডত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ দলে ৷ কংগ্ৰেছ দলৰ আদৰ্শত অনুপ্ৰাণিত হৈ ৫০ জন অগপ-বিজেপি কৰ্মীয়ে যোগদান কৰে কংগ্ৰেছত ৷ ফলত সমষ্টিটোত ক্ৰমান্বয়ে ভেটি শক্তিশালী হৈ পৰিছে কংগ্ৰেছৰ ৷ ৩০ বছৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দ্বাৰা কোনো উন্নয়ন লাভ নকৰাৰ অভিযোগ তুলি পুৰণি অগপ কৰ্মীসকলে যোগদান কৰে কংগ্ৰেছত ৷

দুৰ্গ অটুট থাকিবনে মহন্তৰ ?

উল্লেখ্য যে, বিগত নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰফুল্ল কুমাৰ মহন্ত মাত্ৰ পাঁচ হাজাৰ ভোটতহে জয়ী হৈছিল ৷ শেহতীয়াকৈ বঢ়মপুৰ সমষ্টিত হোৱা অগপ-বিজেপি প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত আৰু পুৰণি অগপ কৰ্মীৰ দল ত্যাগে কংগ্ৰেছৰ প্ৰাৰ্থী সুৰেশ বৰা জয়ী হোৱাৰ বাট মুকলি কৰিব ৷

লগতে পঢ়কঃনিৰ্বাচনী প্ৰচাৰৰ দৌৰত আন্তঃৰাষ্ট্ৰীয় আগৰ ব্যৱসায়ী

Last Updated : Mar 4, 2021, 5:23 PM IST

ABOUT THE AUTHOR

...view details