অসম

assam

ETV Bharat / state

একাংশ আশ্ৰয়হীন লোকক লৈ নগাঁৱত আতংক ! - corona

নগাঁৱৰ ধিং গেটত হঠাৎ ক'ৰপৰা আহিল অৰ্ধশতাধিক লোক ? ধিং গেটৰ উৰণীয়া সেতুৰ তলত আশ্ৰয় বহিঃৰাজ্যৰ কেইবাটাও পৰিয়ালৰ ৷ আশ্রয়হীন লোকসকলক লৈ একাংশৰ মাজত আতংক ৷ কালকৰ'ণাৰ সময়ত কিয় থাকিবলগীয়া হ'ল উৰণীয়াসেঁতুৰ তলত?

unknown peoples refuges in nagaon
একাংশ আশ্ৰয়হীন লোকক লৈ নগাঁৱত আতংক !

By

Published : Jul 5, 2021, 6:04 PM IST

নগাঁও, 5 জুলাই : নগাঁৱৰ উৰণীয়া সেঁতুৰ তলত আশ্ৰয় অৰ্ধশতাধিক লোকৰ। ক'ভিড পৰিস্থিতিৰ বাবে প্ৰশাসনে জাৰি কৰি আংশিক লকডাউনৰ বাবে উপাৰ্জনৰ সকলো পথ বন্ধ হৈ পৰাত এতিয়া দিশহাৰা হৈ পৰিছে বহিঃৰাজ্যত পৰা কৰ্মসংস্থাপন বিচাৰি অহা একাংশ লোকসকল। এতিয়া তীব্ৰ অৰ্থ সংকটত ভোগা লোকসকল হাহাকাৰ কৰিবলগীয়া হৈছে ।

কাল ক'ৰণাই স্তব্ধ কৰি তুলিছে অধিংকাশ লোকৰ উপাৰ্জনৰ পথ । যাৰ ফলত দেখা দিয়া আৰ্থিক সংকটে ব্যাহত কৰিছে লোক সকলৰ দৈনন্দিন জীৱনযাত্ৰা । কোনোবাই এসাঁজ খাই আন এসাঁজ লঘুণে থাকি পাৰ কৰিবলগীয়া হৈছে দিনটো। আন কোনোবাই অৰ্থৰ সংকটত আশ্রয়ৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে ।

এই কাল ক'ৰণাৰ ভয়াৱহতা অব্যাহত থকাৰ সময়তে নগাঁৱৰ ধিং গেইটত হঠাৎ আশ্ৰয় লৈছে বহিঃৰাজ্যৰ অৰ্ধশতাধিক লোকে। আৰ্থিক সংকটত পৰি কাম বিচাৰি অসমলৈ আহি অনিশ্চতাৰ মাজত দিন কটাইছে লোক সকলে ৷

একাংশ আশ্ৰয়হীন লোকক লৈ নগাঁৱত আতংক !

লোকসকল বিহাৰৰ পৰা কিছুদিন পূৰ্বে সংস্থাপন বিচাৰি অসমলৈ আহিছিল । বিহাৰৰ পৰা আহি নগাঁও আৰু হোজাই জিলাৰ বিভিন্ন প্ৰান্তত ভাড়াঘৰ লৈ থাকি সৰু সৰু ব্যৱসায়ত জড়িত হৈছিল লোকসকল । কোনোবাই যদি গাঁৱে গাঁৱে গৈ বিক্ৰী কৰিছিল মৌ আন কোনোবাই গ্ৰামাঞ্চলত বিভিন্ন সামগ্ৰী বিক্ৰী কৰি উলিয়াইছিল জীৱিকাৰ পথ ।

পুৱাৰে পৰা সন্ধিয়ালৈ পৰিশ্ৰম কৰি পোৱা সামান্য উপাৰ্জনেৰে যোগাৰ কৰিছিল ভাতমুঠি । কিন্তু ক'ৰণা সৃষ্ট পৰিবেশ আৰু আংশিক লক ডাউনৰ ফলত সকলোৰে উপাৰ্জনৰ পথ বন্ধ হৈ পৰিল । যাৰ ফলত এক জটিল সংকটৰ সন্মুখীন হ'ল লোকসকল । তীব্ৰ অৰ্থ সংকটত ভোগা এইসকল লোক লাহে লাহে হৈ পৰিল আশ্ৰয়হীন।

উপাৰ্জন বন্ধ হৈ পৰাৰ লগে লগে আশ্ৰয়ৰ অভাৱত পৰা এইলোকসকল নগাঁৱত একত্ৰিত হৈ প্ৰথমে ৰেল ষ্টেচনত আশ্ৰয় গ্ৰহণ কৰে । কিন্তু ৰেল আৰক্ষীৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হৈ ৰেল ষ্টেচনো ত্যাগ কৰিবলগীয়া হয় এইসকল লোকে । এনে পৰিস্থিতিত এক জটিল সমস্যাৰ সন্মুখীন হোৱা এই লোকসকল নিশা কাৰোবাৰ দোকানৰ বাৰান্দাত কটালেও সন্মুখীন হয় গৰাকীৰ লাঞ্চনাৰ ।

এতিয়া এইসকল লোকৰ আশ্ৰয় নগাঁও চহৰৰ ধিং গেটৰ উৰণীয়াসেঁতুৰ তলত । বিহাৰৰ পৰা কৰ্মসংস্থাপন বিচাৰি আহি আৱদ্ধ হৈ পৰা এইসকল লোকে সহায়ৰ বাবে অসম চৰকাৰক জনাইছে অনুৰোধ। ইফালে, হঠাৎ ধিং গেইটত আশ্ৰয় লোৱা এই লোকসলক লৈ আতংকৰো সৃষ্টি হৈছিল একাংশৰ মাজত ।

লগতে পঢ়ক:ৰোগীৰ blood test ৰ নামত ভূৱা ৰিপ’ৰ্ট প্ৰদানৰ অভিযোগ

ABOUT THE AUTHOR

...view details