অসম

assam

ETV Bharat / state

হিমন্তৰ বিশ্ব শৰ্মাৰ সমানে সমানে বানাক্ৰান্তৰ কাষত সৰ্বানন্দ সোণোৱাল - Sarbananda Sonowal in Nagaon

মুখ্যমন্ত্ৰী হৈ নাথাকিলেও অসমবাসীৰ প্ৰতি যেন দৰদ কমা নাই সৰ্বানন্দ সোণোৱালৰ (Union minister Sarbananda Sonowal)। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সমান্তৰালকৈ বান বিধ্বস্ত অঞ্চলত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

Union minister Sarbananda Sonowal
হিমন্তৰ বিশ্ব শৰ্মাৰ সমানে সমানে বানাক্ৰান্তৰ কাষত সৰ্বানন্দ সোণোৱাল

By

Published : Jun 22, 2022, 9:32 PM IST

নগাঁও, 22 জুন: কোনো কেলেংকাৰী, বিতৰ্ক নোহোৱাকৈয়ে পাঁচটা বছৰ ৰাজ্যৰ শাসনভাৰ কান্ধত লৈ হাঁহিমুখেই মুখ্যমন্ত্ৰীৰ আসন এৰি দিয়াৰ পাছতো অসমবাসীৰ প্ৰতি যেন দৰদ কমা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (Union minister Sarbananda Sonowal)। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে বিভীষিকাৰ সৃষ্টি কৰাৰ সময়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সমান্তৰালকৈ বানাক্ৰান্তৰ কাষত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নগাঁৱৰ কামপুৰৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত হয় (Kampur flood situation)৷

একে সময়তে নগাঁৱৰ ৰহাৰ বানাক্ৰান্তৰ কাষত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল (Sarbananda Sonowal in Nagaon)। বুধবাৰে ৰহাৰ বিভিন্ন বানাক্ৰান্ত অঞ্চলত উপস্থিত হৈ বান বিধ্বস্ত এলেকা পৰিদৰ্শন কৰাৰ উপৰিও আশ্ৰয় শিবিৰতো উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । ৰহাৰ ফুলগুৰিত থকা আশ্ৰয় শিবিৰত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ সৈতে আলোচনা কৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তসকল সন্মুখীন হোৱা সমস্যাৰ বুজ লৈ অসম চৰকাৰক সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰে সৰ্বানন্দ সোণোৱালে ।

হিমন্তৰ বিশ্ব শৰ্মাৰ সমানে সমানে বানাক্ৰান্তৰ কাষত সৰ্বানন্দ সোণোৱাল

ৰহাৰ বানাক্ৰান্তৰ কাষত উপস্থিত হৈ সৰ্বানন্দ সোনোৱালে নাপাহৰিলে অসমৰ বৰাক, ব্ৰক্ষ্মপুত্ৰ, পাহাৰ ভৈয়ামৰ কথা । বানাক্ৰান্ত অঞ্চল ভ্ৰমণ কৰি অসমৰ বান সমস্যা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্তব্য- অসম ভাৰত ৰাষ্ট্ৰৰে অংগ আৰু ভাৰতৰ যিকোনো প্ৰাকৃতিক দুৰ্যোগেই ৰাষ্ট্ৰীয় সমস্যা (Flood problem of Assam)৷

উল্লেখযোগ্য যে, বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নগাঁৱৰ বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালেও বুজ লয় নগাঁৱৰ বান পৰিস্থিতিৰ । ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসন এৰি দিয়াৰ পাছতো সৰ্বানন্দ সোণোৱালে অসমৰ বানপীড়িতৰ বুজ লোৱাটোৱে অসমবাসীৰ প্ৰতি থকা সোণোৱালৰ প্ৰকৃত দৰদকে প্ৰতিপন্ন কৰিছে বুলি চৰ্চা চলিছে বিভিন্ন মহলত ।

লগতে পঢ়ক:ৰাজনৈতিক সাহস নাই কাৰণেই সমাধান হোৱা নাই গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা

ABOUT THE AUTHOR

...view details